Begin typing your search above and press return to search.

৬ গৰাকী মহিলা কেবিনেট মন্ত্ৰীয়ে স্থান লাভ কৰা মোদী চৰকাৰে হৈছে প্ৰথমখন চৰকাৰ: সুষমা স্বৰাজ

৬ গৰাকী মহিলা কেবিনেট মন্ত্ৰীয়ে স্থান লাভ কৰা মোদী চৰকাৰে হৈছে প্ৰথমখন চৰকাৰ: সুষমা স্বৰাজ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 May 2019 10:40 AM GMT

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজে প্ৰকাশ কৰে যে স্বাধীনতাৰ পিছত ৬ গৰাকীকৈ মহিলা কেবিনেট মন্ত্ৰী আৰু ২ গৰাকী নিৰাপত্তা কেবিনেটত থকা প্ৰথম খন চৰকাৰে হৈছে মোদী নেতৃত্বাধীন চৰকাৰখন।

বুধবাৰে সুষমা স্বৰাজে টুইটাৰত যোগে প্ৰকাশ কৰে যে বাৰানসীৰ মহিলা সন্মিলনৰ এক অনুষ্ঠানত অংশগ্ৰহন কৰাৰ কথা প্ৰকাশ কৰে। টুইটাৰযোগে তেওঁ প্ৰকাশ কৰে যে স্বাধীনতাৰ পাছত মোদী চৰকাৰে প্ৰথম খন চৰকাৰ য'ত ৬ গৰাকীকৈ মহিলাই কেবিনেট মন্ত্ৰীৰ স্থান লাভ কৰিছে।

লগতে তেওঁ প্ৰকাশ কৰে যে ১৯৫২-৫৭ চনৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ কেবিনেটত মাত্ৰ এগৰাকী মন্ত্ৰী ৰাজকুমাৰী অমৃত কৌৰে স্থান লাভ কৰিছিল । জৱাহৰলাল নেহৰু দ্বিতীয় কেবিনেটত এগৰাকী মহিলাও কেবিনেটত স্থান লাভ কৰা নাছিল । তেওঁৰ তৃতীয় কাৰ্যকালত ডঃ সুশিলা নায়াৰ কেবিনেট মন্ত্ৰী আছিল বুলি উল্লেখ কৰে।

জৱাহৰলাল নেহৰুৰ পিছত লাল বাহাদুৰ শাস্ত্ৰীৰ চৰকাৰত ডঃ সুশিলা নায়াৰে কেবিনেট মন্ত্ৰীৰ স্থান লাভ কৰিছিল । ইন্দিৰা গান্ধী ৰ কাৰ্যকালত তেওঁয়ে কেবিনেট মন্ত্ৰী আছিল বুলি উল্লেখ কৰে।

সুষমা স্বৰাজে লগতে প্ৰকাশ কৰে যে ১৯৭৭-৭১ , ১৯৭১-৭৭ আৰু ১৯৮০-৮৪ লৈকে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ তিনিটা কাৰ্যকালত এগৰাকীও মহিলাক কেবিনেট মন্ত্ৰীৰ স্থান দিয়া নাছিল ।

ৰাজীৱ গান্ধীৰ কাৰ্যকালত এগৰাকী মহিলায়ে কেবিনেটত স্থান লাভ কৰিছিল বুলি প্ৰকাশ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী গৰাকীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেবিনেটৰ ৬ গৰাকী মহিলা কেবিনেট মন্ত্ৰী হৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজ, খোৱা পানী আৰু চেনিটাইজেচন মন্ত্ৰী উমা ভাৰতী, মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী মেনকা সঞ্জয় গান্ধী , খাদ্য প্ৰস্তুতকাৰী উদ্যোগ মন্ত্ৰী হাৰশীমাত কৌৰ বাদল আৰু টেক্সটাইল আৰু তথ্য, সম্প্ৰচাৰ মন্ত্ৰী স্মৃতি ইৰানী আৰু প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমন।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি