Begin typing your search above and press return to search.

অধিক মেডিকেল কলেজ স্থাপন উত্তৰ পূবত: কেন্দ্ৰৰ ৯০ শতাংশ ব্যয়

অধিক মেডিকেল কলেজ স্থাপন উত্তৰ পূবত: কেন্দ্ৰৰ ৯০ শতাংশ ব্যয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Sep 2019 7:12 AM GMT

উত্তৰ পূৰ্বৰ ৰাজ্যত আৰু অধিক মেডিকেল কলেজ স্থাপনৰ কাৰণে ৯০ শতাংশ ব্যয় কৰিব কেন্দ্ৰই ৷ নতুন মেডিকেল কলেজ স্থাপন কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰ্যালয়ৰ আধাৰত স্থাপন কৰা হ’ব। চৰকাৰে উত্তৰ পূবৰ ৰাজ্যসমূহত ১০ শতাংশ ব্যয় কৰিব। আন ৰাজ্যসমূহত নতুন মেডিকেল কলেজ স্থাপন কৰাৰ কাৰণে কেন্দ্ৰই প্ৰায় ৬০ শতাংশ ব্যয় কৰিব।

ৰাজ্যৰ স্বাস্থ্য বিভাগৰ এক বিশেষ সূত্ৰ অনুসৰি ৰাজ্যই এই আঁচনিক বাস্তৱায়িত কৰিবৰ কাৰণে ৪০ শতাংশ ধন ব্যয় কৰিব ।কিন্তু উত্তৰ পূবৰ ৰাজ্যৰ ক্ষেত্ৰত নতুন মেডিকেল কলেজ স্থাপন কৰিবৰ কাৰণে ফাণ্ডিং পেটাৰ্ণ হ’ব ৯০:১০ ৷ উত্তৰ পূবৰ ৰাজ্যসমূহত সৰ্বমুঠ ব্যয়ৰ কেৱল ১০ শতাংশ যোগদান দিব ৷অধিকাংশ ৰাজ্য চৰকাৰে সম্প্ৰতি নতুন মেডিকেল কলেজ স্থাপনৰ কাৰণি বিস্তৃত প্ৰতিবেদন তৈয়াৰ কৰিছে ৷ বৰ্তমান আঁচনিৰ অধীনত উত্তৰ পূবৰ ৰাজ্যসমূহত ভৱিষ্যতে মেডিকেল কলেজ স্থাপন হ’ব ৷

ইফালে অসমত গুৱাহটী,ডিব্ৰুগড়,শিলচৰ,যোৰহাট,তেজপুৰ আৰু বৰপেটাত ছয়খন মেডিকেল কলেজ আছে ৷বৰ্তমান ধুবুৰী,লক্ষীমপুৰ,নগাঁও আৰু ডিফুত চাৰিখন কলেজ নিৰ্মাণ হৈ আছে ৷ লগতে আৰু তিনিখন মেডিকেল কলেজৰ কাম আৰম্ভ কৰিছে অসমত সৰ্বমুঠ কলেজৰ সংখ্যা হ’ব ১৩ খন ।চৰকাৰে নলবাৰী,কোকৰাঝাৰ আৰু তিনিচুকীয়াত তিনিখন নতুন মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিছে ।

গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয়ৰ এগৰাকী অৱসৰ প্ৰাপ্ত ফেকাল্টী ডা° হাফিজ আহমেদে কয় যে উত্তৰ পূবৰ অসমত অধিক মেডিকেল কলেজ আছে । গতিকে সম্প্ৰতি চিকিৎসকৰ সংখ্যা বৃদ্ধি কৰিবলৈ পদক্ষেপ ল’ব লাগে ৷

দ্বিতীয়তে ৰাজ্যৰ মেডিকেল কলেজসমূহত এম বিএছ ছাত্ৰই নিট আৰু পীজিৰ ব্যৱস্থা আঁতৰোৱাৰ সিদ্ধান্তক আদৰি লয় ৷এম বিএচ ছাত্ৰ দেৱজিৎ শৰ্মাই কয় যে নিট আৰু পিজিৰ বিপৰীতে এম বি বি এচ পৰীক্ষাটোৱেই এম ডি আৰু এম এচৰ কাৰণে বেছি সহায়কাৰী হ’ব৷

নতুন বছৰৰ জানুৱাৰীৰ প্ৰথম সপ্তাহতে অসমত নতুনকৈ তিনিখন মেডিকেল কলেজৰ আধাৰশিলা স্থাপন হৈছিল । নলবাৰী, কোকৰাঝাৰ আৰু তিনিচুকীয়াত স্থাপন হব এইকেইখন মেডিকেল কলেজ।নতুন বছৰৰ প্ৰাকক্ষণতে এক সুখবৰ দিছিল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।২০১৯ বৰ্ষৰ জানুৱাৰীৰ ৬ তাৰিখে নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কোকৰাঝাৰত। প্ৰায় ৩৮২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হব এই চিকিৎসা মহাবিদ্যালয়খন।

অধিক খবৰৰ বাবে পঢ়ক : গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিতেলৰ চিকিৎসা সেৱা বিনামূলীয়া নে?

ভিডিঅ প্ৰতক্ষ্য কৰক:Tinsukia Police conducts awareness meeting on Traffic at Commerce College

Next Story
চাকৰি