মস্কোত ভয়াবহ বিমান দুৰ্ঘটনা: ৪১ জন যাত্ৰীৰ মৃত্যু

মস্কোত ভয়াবহ বিমান দুৰ্ঘটনা: ৪১ জন যাত্ৰীৰ মৃত্যু

মস্কোত ভয়াবহ বিমান দুৰ্ঘটনাত। দেওবাৰে মস্কোৰ বিমান বন্দৰত অবতৰণ কৰাৰ পাছতে ৰাছিয়াৰ যাত্ৰী কঢ়িওৱা এখন বিমান বিস্ফোৰণ সংঘটিত হয় । এই দুৰ্ঘটনাত ৪১ জনকৈ লোক নিহত হয় ।

এৰোফ্ল'ট বিমান SU 1492 খন মস্কোৰ চেৰেমেটিভো বিমান বন্দৰত অবতৰণ কৰোৱা সময়তে বিস্ফোৰণ সংঘটিত হৈ কলা ধুৱায়ে আগুৰি ধৰে । যাত্ৰী সকলক নিৰাপদে বাহিৰলৈ ওলোৱাৰ আগতেই বিমান খনত জ্বলি উঠে।

ৰিপোৰ্টৰ মতে মস্কোৰ পৰা মুৰমানচকলৈ চুপাৰজেট উৰা মাৰিছিল যদিও পুনৰ জৰুৰী অবতৰণ কৰিব লগা হয় । সেই সময়ত বিমান বন্দৰটোত সকলো যোগযোগ বিচ্ছিন্ন হৈ পৰে।

বিমান খনত ৭৮ গৰাকী যাত্ৰী আছিল । ৫ গৰাকী ক্ৰিউ সদস্য আছিল । ৩৫ জন লোক ওলাই আহিবলৈ সক্ষম হয় । তেওলোকৰ ৫ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে বিমান দুৰ্ঘটনাৰ সন্দৰ্ভত অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিছে বুলি ক্ৰেমলিন মুখপাত্ৰ ডিমিত্ৰি পেচকবে প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com