মাতৃ সকলৰ অংশগ্ৰহণে জনতাৰ জয় সুনিশ্চিত কৰিব : সমুজ্জ্বল ভট্টাচাৰ্য

মাতৃ সকলৰ অংশগ্ৰহণে জনতাৰ জয় সুনিশ্চিত কৰিব : সমুজ্জ্বল ভট্টাচাৰ্য

মাতৃ সকলৰ অংশগ্ৰহণে জনতাৰ জয় সুনিশ্চিত কৰিব : সমুজ্জ্বল ভট্টাচাৰ্য । জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন কোনো পধ্যেই মানি লবলৈ সাজু নহয় অসমৰ জনগণ। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জনতাৰ গণ হুংকাৰেৰে আকৌ এবাৰ কঁপি উঠিল গুৱাহাটীৰ সীমাৱৰ্তী ধাৰপুৰ । শনিবাৰে ধাৰপুৰ আৰু আজৰাৰ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যেগত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে কা- বাতিলৰ দাবীত 'গণহুংকাৰ' কাৰ্যসূচী ৰূপায়ন কৰে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে, আমাৰ মাতৃ সমাজে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে আন্দোলনৰ নেতৃত্ব প্ৰদান কৰি আছে আৰু ইয়ে নিশ্চিত কৰে যে অসমৰ জনতাৰ জয় । লগতে ভট্টাচাৰ্যই এই জাতিধ্বংসী আইন খনৰ বিৰুদ্ধে শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰখাৰ আহ্বান জনায়।

অসমত হৈ থকা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ ওপৰত আছুৰ নেতা গৰাকীয়ে কয় যে , "১৯৪৭ চনত অসমৰ জনসাধাৰণে ভাৰতৰ লগত থাকিবলৈ বাবে নিজস্ব আন্দোলন গঢ়ি তুলিছিল। ১৯৪৯ চনত প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলে ৰাজ্যৰ শৰণাৰ্থী সকলক ৰক্ষা কৰিবলৈ ভূমি বিচাৰিছিল যদিও অসমৰ নেতা সকলে কেন্দ্ৰৰ অনুৰোধ প্ৰত্যাখান কৰে। এই সময়ত অসমৰ ভাষা, সংস্কৃতি, আৰু অস্তিত্ব গভীৰ সংকটত আছে কিন্তু অসমৰ নেতা সকলে এতিয়া কেন্দ্ৰ চৰকাৰৰ ওচৰত শিৰণত কৰি আছে ।

লগতে তেওঁ কয় যে অসম আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে যদিও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ উদ্দেশ্যত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মাজত পাৰ্থক্য আছে। ইয়াত জনতাই গনতান্ত্ৰিক আৰু শান্তিপূৰ্ণ ভাৱে বিৰোধ প্ৰদৰ্শন কৰি আছে ।

নাগৰিকত্ব সংশোধনী আইনৰ নিয়ম অন্য ৰাজ্যতকৈ অসমত পৃথক হোৱা বুলি অসম চৰকাৰে কৰা মন্তব্যৰ ওপৰত আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে কয় যে , "আমি এই প্ৰস্তাৱ স্বীকাৰ নকৰো । নাগৰিকত্ব সংশোধনী আইন সম্পূৰ্ণ ৰূপে বাতিল হব লাগিব "।

এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে দীক্ষু, নেকিব , বাবু, ৰূপালী কাশ্যপ, ভৃগু কাশ্যপ , অজয় ফুকনৰ লগতে বহু কলা কুশলী। এই কাৰ্যসূচীত বিভিন্ন জনে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ভাষন প্ৰদান কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com