Begin typing your search above and press return to search.

পৃথক বড়োলেণ্ডৰ দাবীৰে পুনৰ আন্দোলন

পৃথক বড়োলেণ্ডৰ দাবীৰে পুনৰ আন্দোলন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Aug 2019 5:41 AM GMT

কাশ্মীৰৰ পৰা ৩৭০ অনুচ্চেদ প্ৰত্যাহাৰ কৰি কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰা লগে লগে বড়োলেণ্ডৰ তিনিটা সংগঠনে অনাগত মাহত নিজৰ আন্দোলন পুনৰ আৰম্ভ কৰিবলৈ ককাঁলত টঙালী বান্ধিছে ৷সদৌ বড়ো ছাত্ৰ সংগঠন আৰু নেশ্যনেল ডেমোক্ৰেটিক ফ্ৰন্ট অফ বড়োলেণ্ড আৰু অন্যান্য সংগঠনৰ নেতাই ছেপ্তেম্বৰত নতুন দিল্লীত নেশ্যনেল ফেডাৰশ্যন ফৰ ন্যু ষ্টেট্চৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত ভাগ লৈ এখন পৃথক বড়োলেণ্ডৰ কাৰণে কিছুমান ৰণনীতি তৈয়াৰ কৰিব।

নেশ্যনেল ফেডাৰেশ্যন ফৰ ন্যু ষ্টেট্চ হৈছে নতুন ৰাজ্যৰ দাবী কৰা এটি ছাত্ৰ সংগঠন ৷ এবছুৰ সভাপতি প্ৰমোদ বড়োৱে মন্তব্য যে জম্মু কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল হিছাপে স্বীকৃতি দিব পাৰিলে অসমত বড়োলেণ্ডক কিয় নোৱাৰে ।বড়োসকলৰ আশা আকাংক্ষাক বাস্তৱত ৰূপ দিয়াৰ কাৰণে জম্মু কাশ্মৰীৰ দৰে সিদ্ধান্ত ল’ব কিয় নোৱাৰে ৷

লগতে প্ৰমোদ বড়োয়ে কয় যে বড়োসকলৰ লক্ষ্য আৰু আকাংক্ষাই এখন নতুন বড়োলেণ্ড নিৰ্মাণ কৰাত সহায় কৰিব ৷এইয়া এনএফএনএছৰ বিশ্বাস ৷ ইফালে এনএফএনএছে বুন্দেলখণ্ড,গোৰখালেণ্ড,টিপৰালেণ্ড,কাৰ্বি আংলং,কুকিলেণ্ড আৰু বিদৰ্ভৰ লগত দিল্লীত সামূহিক ৰূপত নিজৰ দাবী উত্থাপন কৰাৰ কাৰণে সিদ্ধান্ত লয় ৷

অধিক খবৰৰ বাবে পঢ়ক: বড়োলেণ্ডৰ বাবে সুকীয়া শিক্ষা আচঁনিৰ দাবী বড়ো সাহিত্য সভাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক:Bipasa Hrangkhawal- the first woman air traffic controller of Tripura

Next Story
চাকৰি