মুম্বাই বানপানী : ১৯ জনৰ মৃত্যু , স্থানীয় আৰু কেন্দ্ৰীয় ৰেল সেৱা বাতিল

মুম্বাই বানপানী : ১৯ জনৰ মৃত্যু , স্থানীয় আৰু কেন্দ্ৰীয় ৰেল সেৱা বাতিল

ধাৰষাৰ বৰষুণৰ ফলত মুম্বাইৰ বিভিন্ন প্ৰান্তৰ বানপানীয়ে জন জীৱন স্তব্ধ কৰি তুলিছে । মুম্বাই বানপানীৰ ফলত বৰ্তমানলৈকে ১৯ জন লোকৰ মৃত্যু হৈছে । সোমবাৰৰ পৰা দশকৰ পাছত অতিমাত্ৰা বৰষুণ হৈছে বুলি প্ৰকাশ কৰিছে । অনাগত কেই ঘন্টাত মুম্বাই, পালঘৰ আৰু থানে আৰু ৰাইগাদত অতিমাত্ৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰয়ে প্ৰকাশ কৰিছে ।

মালাডত পুৱতি নিশা ২ বজাত দেৱাল খহি পৰাৰ ফলত দৰ্জনৰ অধিক লোক নিহত হয় ।

বহুতো ৰেল লাইনত পানী জমা হৈ গৈছে । বতৰ বিজ্ঞান কেন্দ্ৰয়ে জনোৱা মতে , ২,৪,৫ জুলাইত থানে আৰু পালঘৰ অঞ্চলত ধাৰাষাৰ বৰষুণ দিয়াৰ সম্ভাৱনা আছে । ব্যক্তিগত বতৰ বিজ্ঞান কেন্দ্ৰয়ে প্ৰকাশ কৰা মতে ৩, ৫ ত ধাৰাষাৰ বৰষুণ দিয়াৰ সম্ভাৱনা আছে ।

ধাৰাষাৰ বৰষুণৰ বাবে বিমান সেৱা বৃহস্পতি বাৰলৈকে বাতিল কৰা হৈছে । বহুতো স্থানীয় ৰেল সেৱা বাতিল কৰা হয় ।

ধাৰাষাৰ বৰষুণৰ ফলত মুম্বাইত বানপানী হোৱাৰ ফলত ব্ৰিহনমুম্বাই পৌৰ নিগমে আজি অৰ্থাৎ ২ জুলাইত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহ বন্ধ ঘোষণা কৰে।

স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰয়ে জনোৱা মতে, অনাগত ৪৮ ঘন্টাত চহৰ খনত ধাৰাষাৰ বৰষুণ হৈ থাকিব । যোৱা মাহটোত চহৰ খনত ৫৫০mm মাত্ৰাত বৰষুণ দি আছিল ।

বৰষুণৰ ফলত মুম্বাইত জৰুৰী ব্যবস্থা ঘোষণা কৰিছে । বি এম চিয়ে ইতিমধ্যে হেল্প লাইন নম্বৰ মুকলি কৰিছে ।

মুম্বাইৰ বহুতো ৰাজপথ , পদ পথৰ লগতে ৰেল লাইনটো বানপানীৰ বাবে যাতায়ত বন্ধ হৈ পৰিছে । যাত্ৰী সকলৰ লগতে ব্যৱসায়ী সকলেও যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । চৰকাৰী কাৰ্যালয়ৰ মুখপাত্ৰয়ে প্ৰকাশ কৰা মতে, জৰুৰী সেৱাৰ বাদে কোনো সেৱায়ে চহৰ খনত কাম কৰা নাই ।

মুম্বাইত যি সমূহ অঞ্চলত বানপানীৰ হয় , সেই অঞ্চলৰ লোক সকলক ঘৰৰ ভিতৰতে থাকিবলৈ কোৱা হৈছে । যেতিয়ালৈকে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰয়ে বৰষুণ অব্যাহত থকাৰ আগজাননী দিছে , তেতিয়া লৈকে বানপানী সৃষ্টি হোৱা অঞ্চলত সমূহৰ লোকসকলক ঘৰৰ ভিতৰতে থাকিবলৈ কোৱা হৈছে ।

উল্লেখযোগ্য যে, বৰষুণৰ ফলতে মুম্বাই বিমান বন্দৰলৈ যোৱা পথ সমুহ বন্ধ হৈ পৰিছে । বিমান সেৱাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com