নতুন যান বাহন আইন ২০১৯ , কুকুৰেও পৰিধান কৰিলে হেলমেট

নতুন যান বাহন আইন ২০১৯ , কুকুৰেও পৰিধান কৰিলে হেলমেট

নতুন যান বাহন আইন ২০১৯ , কুকুৰেও পৰিধান কৰিলে হেলমেট । সমগ্ৰ দেশত পহিলা ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰি কৰা হল নতুন যান-বাহন আইন ২০১৯। নতুন আইনখন কাৰ্যকৰী হোৱাৰ পাছতে আইন ভংগকাৰী লগতে বাহনৰ প্ৰয়োজনীয় নথি-পত্ৰ নথকাৰ বাহনৰ গৰাকী সকলে সন্মুখীন হৈছে বিভিন্ন সমস্যাৰ । নতুন যান বাহন আইন ২০১৯ ৰ ভিত্তিত ভৰিব লগা হৈছে মোটা অংকৰ জৰিমনা । অনুজ্ঞাপত্ৰৰ নথকা , বিভিন্ন জৰুৰীকালীন বাহনক ৰাস্তা এৰি নিদিয়া , হেলমেট পৰিধান নকৰা আদি বিভিন্ন নিয়মৰ ভিত্তিত প্ৰনয়ন কৰা হৈছে নতুন যান বাহন আইন । এই আইন ভংগ কৰাৰ ক্ষেত্ৰত সৰ্বাধিক ১০,০০০ টকা জৰিমনাৰ ব্যৱস্থা আছে । সমগ্ৰ দেশৰ লগতে দিল্লীটো প্ৰনয়ন হৈছে নতুন যান বাহন আইন ।

নতুন যান বাহন আইন ২০১৯ সম্পৰ্কে ছোচিয়েল মিডিয়াত বিভিন্ন ধৰণৰ ঘটনা পোহৰলৈ আহিছে । এই সময়তে এটা কুকুৰৰ ফটো বহুল ভাৱে প্ৰচাৰ হৈছে । সমগ্ৰ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ককুৰটোৰ ফটো । এই ঘটনাটো সংঘটিত হৈছে দিল্লী‌ত।

ফটো খনত দেখিবলৈ পোৱা গৈছে যে এটা কুকুৰে বাইকত উঠা সময়ত হেলমেট পৰিধান কৰিছে । কুকুৰটোৱে হেলমেট পৰিধান কৰা ফটোখন বহু মানুহে শ্বেয়াৰো কৰিছে । এই ফটো খনে সকলোৰে ধ্যান আকৰ্ষণ কৰিছে ।

এই ফটোখন টুইটাৰ যোগে বহুলভাৱে প্ৰচাৰ হৈছে । ফটোখনত দেখা গৈছে যে এজন মানুহৰ লগত বাইকত উঠিছে এটা কুকুৰ আৰু কুকুৰটোৱে পৰিধান কৰিছে হেলমেট ।

ভাইৰেল হোৱা এই ফটোখনত বহুতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । কিছুমান‌ মানুহে মন্তব্য আগবঢ়ায় যে যান বাহন আইন ২০১৯ ৰ কঠোৰ নিয়মৰ ফলত কেৱল মানুহে নহয় কুকুৰেও ভয় খাইছে । লগতে কিছুমানে কয় যে দিল্লী পুলিছে পৰৱৰ্তী অভিযানৰ বাবে এই কুকুৰটোকে বাচনি কৰিব লাগে ।

ভিডিঅ প্ৰতক্ষ্য কৰক: Major explosion in Tyre Garage injures three in Dhekiajuli

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com