পৃথিৱীৰ এখন এনেকুৱা ঠাই য'ত প্ৰতিটো সময়তে বিজুলী চমকে,কি আছে ৰহস্যৰ আঁৰত

পৃথিৱীৰ এখন এনেকুৱা ঠাই য'ত প্ৰতিটো সময়তে বিজুলী চমকে,কি আছে ৰহস্যৰ আঁৰত

পৃথিৱীৰ এখন এনেকুৱা ঠাই য'ত প্ৰতিটো সময়তে বিজুলী চমকে,কি আছে ৰহস্যৰ আঁৰত।আজিৰ দিনত বিজ্ঞানে বহু খনি আগবাঢ়িছে, সকলো ঘটনাৰ আঁৰত থাকে কিছুমান বৈজ্ঞানিক কাৰণ । কিন্তু পৃথিবীত এতিয়াও এনে বহু ঠাই আছে যি বিলাক ঠাইৰ কিছুমান ঘটনাৰ কাৰণ সম্পৰ্কে সম্ভেদ উলিয়াবলৈ বৈজ্ঞানিক সকলো অসফল হৈছে। এনেকুৱা এখন ঠাই আছে আমেৰিকাৰ দেশ বেনেজুৱেলাত । এই ঠাই খনৰ এটা হ্ৰদৰ ওপৰত প্ৰত্যোক সময়তে বিজুলী চমকা দেখা যায়। কিন্তু ইয়াৰ কাৰণ এতিয়ালৈকে কোনোৱে জানিব পৰা নাই । আমি সকলোৱে জানো যে আকাশত এটা ঠাইতে দুবাৰ বিজুলী দেখা নাযায় । কিন্তু আপুনি শুনি আচৰিত হ'ব যে এই ঠাই খনৰ এঘন্টাত হাজাৰতকৈ অধিক বাৰ বিজুলী আহে ।

পৃথিৱীক আচৰিত কৰি দিয়া এই ৰহস্যক ' বীকন অফ মোৰাকাইবো ' বুলি কোৱা হয়। এই ৰহস্যৰ আন বহু নাম আছে যেনে; কৈতাতুম্ব, লাইটিং, এবৰলাস্টিং স্মাৰ্ট, ড্ৰেমেটিক ৰোল আদি । এই ঠাই খিনিক পৃথিৱীৰ অলৌকিক বিজুলীৰ ঘৰ বুলি কোৱা হয় । জানিব পৰা মতে বিজুলী হোৱা এই হ্ৰদটোত বছৰৰ ২৬০ দিন ধুমুহা হয় । ধুমুহাৰ সময়ত ৰাতিৰ ভাগত ইয়াত ২৬০ দিনতেই বিজুলী চমকা দেখা যায়। তদুপৰি মোৰাকাইবা হ্ৰদত সকলোতকৈ বেছি বিজুলী চমকাৰ বাবে ইতিমধ্যে গিনিজ বুকত স্থান লাভ কৰিছে। অৱশ্যে ঠাণ্ডাৰ দিনত এই ঠাইত বেছিকৈ বিজুলী চমকা দেখা যায়। জানিব পৰা মতে প্ৰতি মিনিটত এই ঠাইত ২৮ বাৰ বিজুলী চমকে ।

আপুনি গম পালে আচৰিত হ'ব যে এই বিজুলীৰ পোহৰ ইমানেই উজ্বল যে এই বিজুলীৰ পোহৰ ৪০০ কিলোমিটাৰ দূৰলৈ দেখা পোৱা যায়। এই ঘটনাৰ ৰহস্যৰ বিষয়ে জানিবলৈ বৈজ্ঞানিক সকলে যথেষ্ট চেষ্টা কৰিছিল যদিও কাৰণ গম পোৱা হোৱা নাছিল । ১৯৬০ চনত এনেদৰে মানি লোৱা হৈছিল যে এই ঠাই খনত ইউৰেনিয়ামৰ মাত্ৰা বেছি।

অৱশ্যে এই ঘটনাৰ ৰহস্য এতিয়াও ভেদ হৈছে । বৈজ্ঞানিক সকলে কোৱা অনুসৰি ঠাই খন অৰ্থাৎ হ্ৰদটোৰ ওচৰতে পাজৰে তেলৰ ক্ষেত্ৰ সমূহত যথেষ্ট পৰিমাণৰ মিথেন আছে যাৰ ফলত ঠাই খনত বিজুলী দেখা যায়। অৱশ্যে ইয়াৰ ৰহস্য এতিয়াও নিশ্চিত নহয়। যাৰ বাবে এই ঠাই খন এতিয়াও ৰহস্যৰ আৱৰ্তত থকা বুলি কোৱা হয়।

ভিডিঅ প্ৰতক্ষ্য কৰক: 11 ft 2 inch sculpture of Netaji Subhash Chandra Bose being prepared in Digboi

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com