Begin typing your search above and press return to search.

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ এনআৰচিৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ এনআৰচিৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Sep 2019 6:38 AM GMT

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ইংগিত দিয়ে যে চূড়ান্ত এনআৰচিত অবৈধ নাগৰিক সকলে নাম অন্তৰ্ভূক্তিৰ কাৰণে আবেদন কৰা নাই। পৰিষদে ৰাজ্য চৰকাৰক অবৈধ লোকসকলক স্থানান্তৰিত কৰিবৰ কাৰণে আৰু তেওঁলোকক সহায় কৰিবৰ কাৰণে দাবী কৰিছে। সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ হৈছে অসমৰ স্বদেশী মুছলমানৰ এটা সংগঠন।

সোমবাৰে এক সংবাদ মেলত পৰিষদৰ সভাপতি হফীজুল আহমদে কয় যে চূড়ান্ত এনআৰচিত অন্তৰ্ভূক্তি কাৰণে মাত্ৰ ১৯ লাখতকৈ অধিক লোকৰ চিনাক্ত কৰাটো স্বীকাৰ কৰিব নোৱাৰি। ১৯ লাখতকৈ অধিক আবেদন কাৰীৰ ভিতৰত বহু ভাৰতীয় লোক আছে। ইফালে দুখৰ বিষয় এই যে ৰাজ্যৰ কিছু সংখ্যক লোকে বিদেশী ন্যায়াধীকৰণৰ কাষ চাপিব লাগিব ৷

লগতে পৰিষদে কয় যে চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অসমত থকা বহু অবৈধ লোকৰ নাম আছে। গতিকে চৰকাৰে এনআৰচিৰ সকলো তথ্য পাতিৰ পুনৰ সত্যাপনৰ কাৰণে ব্যৱস্থা কৰিব লাগে ৷ প্ৰয়োজনহ’লে আমি এনআৰআই দস্তাবেজক পুনৰ সত্যাপনৰ কাৰণে তথ্য সমৃদ্ধ দস্তাবেজ ভাৰতীয় উচ্চ ন্যায়ালয়ক স্থানান্তৰিত কৰিম ।

যিখন ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে ভাৰতীয় লোক সকলক চিনাক্ত কৰিব নোৱাৰে সেইখন ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অবৈধ লোকসকলৰ চিনাক্ত কৰিব কাৰণে বহু কাৰণ থাকিব পাৰে। এই মন্তব্য পৰিষদৰ সভাপতিৰ ৷ আহমদে লগতে কয় যে ৰাজ্যৰ কিছু সংখ্যক লোকে অসমত মুছলিম লোকৰ সংখ্যা বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰি আছে ৷আৰু তেওঁলোকৰ এই আঁচনি সফল নহয়। বড়ো,ৰাভা,কোচ ৰাজবংশী,মৰাণ কলিতা সকলৰ দৰে আমি ৰাজ্যৰ স্বদেশী লোকসকলৰ লগত থাকিম ৷

অন্য খবৰৰ বাবে পঢ়ক: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী:সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

ভিডিঅ প্ৰতক্ষ্য কৰক:আজি গণেশ চতুৰ্থী ।মহানগৰীত আয়োজন গণেশ পূজা ৷ এই উপলক্ষে গণেশ মন্দিৰসমূহত ভক্তৰ ভীৰ

Next Story
চাকৰি