Begin typing your search above and press return to search.

শিৱসাগৰত নাৱাৰ্ড ৰ উদ্যোগত দুগ্ধ উদ্যোগ বিকাশ কৰ্মশালা

শিৱসাগৰত নাৱাৰ্ড ৰ উদ্যোগত দুগ্ধ উদ্যোগ বিকাশ   কৰ্মশালা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Sep 2019 1:36 PM GMT

শিৱসাগৰত নাৱাৰ্ডৰ উদ্যোগত দুগ্ধ উদ্যোগ বিকাশ কৰ্মশালা ।‌ মঙ্গলবাৰে শিৱসাগৰত ‌ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামীণ বিকাশ বেংক ( national Bank for agriculture and rural development , NABARD) এ এক জিলা ভিত্তিক কৰ্মশালাৰ আয়োজন কৰে দুগ্ধ উদ্যোগ বিকাশ আচনিৰ ওপৰত । এই অনুষ্ঠানটো উদ্বোধন কৰে শিৱসাগৰ জিলা বিকাশ আয়ুক্ত ( District development commissioner ) নবাব আজহৰ আলিয়ে ।

এই অনুষ্ঠানটোত কমেও ৪৫ জন লোকে অংশগ্ৰহণ কৰে । জিলা উন্নয়ন আয়ুক্ত ( district development commissioner ) নবাব আজহৰ আলিয়ে কৃষক সকলৰ জীৱন শৈলীৰ বহনক্ষম উন্নয়নৰ বাবে আলোচনা কৰে । লগতে লাইন ডিপাৰ্টমেন্ট অফ বেংকাৰ , এল ডি এম , দুগ্ধ সহযোগী সমাজ , আৰু কে ভি কে আদিক কৃষক সমাজৰ উন্নতিৰ বাবে একেলগে কাম কৰাৰ উপদেশ দিয়ে ।

লগতে তেওঁৰ ভাষনত দুগ্ধ উদ্যোগৰ দ্বাৰা হ'ব লগীয়া লাভালাভ সম্পৰ্কে ও আলোচনা কৰে এই সভাত । তেওঁ কয় যে দুগ্ধ উদ্যোগকাৰী বিকাশ আচনিয়ে দুগ্ধ কেন্দ্ৰ সমূহত স্ব নিয়োজিত কৰ্মচাৰী আৰু দুগ্ধ উৎপাদন কেন্দ্ৰত ভূমিকা প্ৰদান কৰিব লাগে ।লগতে তেওঁ কয় যে এয়া আধুনিক দুগ্ধ উৎপাদনকাৰী আৰু বিশুদ্ধ গাখীৰ তৈয়াৰ কৰা ক্ষেত্ৰত সহায় হ'ব ।শিৱসাগৰৰ ডি ভি অ ড° এ কেশৰীয়ে দুগ্ধ উৎপাদনকাৰী সকলৰ বাবে দুগ্ধ উদ্যোগ বিকাশ আচনিৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পৰ্কে আলোচনা কৰে ।

অধিক খবৰৰ বাবে পঢ়ক: ডুমডুমাত কবিতা পাঠ্যপুথিৰ উন্মোচনী অনুষ্ঠান

ভিডিঅ প্ৰতক্ষ্য কৰক: Nagaon MP Pradyut Bordoloi holds press conference in Guwahati | The Sentinel News | Assam News

Next Story
চাকৰি