Begin typing your search above and press return to search.

নাগৰিক সমাজে এক উচ্চস্তৰীয় তদন্তৰ দাবী কৰিছে

নাগৰিক সমাজে এক উচ্চস্তৰীয় তদন্তৰ দাবী কৰিছে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Dec 2019 9:38 AM GMT

নাগৰিক সমাজে এক উচ্চস্তৰীয় তদন্তৰ দাবী কৰিছে । নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে প্ৰতিবাদ অব্যাহত আছে। এই আইন খনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজতেই তিনি জনকৈ যুৱকে নিৰাপত্তাৰক্ষীৰ হাতত প্ৰাণ হেৰুওৱাব লগীয়া হয়। নাগৰিক সমাজে তিনি জন লোকৰ মৃত্যুৰ‌ এক উচ্চস্তৰীয় তদন্ত আৰু তিনিজনৰ মৃত্যুৰ ক্ষতিপুৰণৰ দাবী কৰিছে । নাগৰিক সমাজে সকলো প্ৰতিবাদকাৰীক অহিংসা মূলক, শান্তিপূৰ্ণ আৰু গনতান্ত্ৰিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে আহ্বান জনায় ।

শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত হোৱা এক সংবাদমেলত হৃষিকেশ ডেকাই কয় যে আমি এনেকুৱা এটা পৰ্যায়ত উপনীত হৈছো য'ত আমাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে অসমৰ ওপৰত এখন আইন জাপি দিছে যাৰ দ্বাৰা অসমীয়া ভাষা সংস্কৃতি, অস্তিত্বৰ ওপৰত সংকট নামি আহিব । ২০১৯ চনৰ ১১ ডিচেম্বৰ তাৰিখে বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক খন আইনলৈ পৰিণত কৰে , কিন্তু এই দিনটো অসম তথা ভাৰতবৰ্ষৰ জনসাধাৰণৰ বাবে কলা দিৱস‌ হিচাপে স্মৃতি হৈ ৰব। ১১ ডিচেম্বৰ তাৰিখটো অসমৰ জশসাধৰণ কৰা দিৱস হিচাপে পালন কৰিবলৈ আহ্বান জনায় হৃষিকেশ ডেকাই। লগতে ডেকাই কয় যে আমি দেখিছো যে পৰিস্থিতিৰ সুযোগ হৈ কিছুমান দুষ্কৃতিকাৰীয়ে জনসাধৰণৰ সম্পদৰ ক্ষতি সাধন কৰিছে । কিন্তু এই ক্ষেত্ৰত উচিত তদন্তৰ ক্ষেত্ৰত প্ৰশাসন অসফল হৈছে।‌ অন্যহাতে প্ৰশাসনে এনেকুৱা ধৰণৰ কিছুমান মানুহক হত্যা কৰিছে যাৰ ওচৰত কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ নাছিল । যাৰ বাবে তেওঁলোকে ন্যয়ৰ বাবে উচিত তদন্তৰ দাবী কৰে আৰু ক্ষতিপূৰণ বিছাৰে।

অজিত ভূঞাই কয় যে, চৰকাৰে আমাক যি যন্ত্ৰনা দি আছে সেয়া জানি বুজিয়েই দি আছে । প্ৰথমতে তেওঁলোকে কৈছে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তেওঁলোকে কোনো ধৰণৰ প্ৰতিবাদ দেখা নাই । তেওঁলোকে ইতিমধ্যে জানিছিল যে এনে ধৰণৰ মন্তব্যৰ পিছত কঠিন আৰু হিংসাত্মক কাৰ্যৰ সৃষ্টি হ'ব ।নাগৰিক সমাজে চৰকাৰক সকীয়াই দিয়ে যে চৰকাৰে যাতে সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰি জনসাধাৰণৰ মাজত বিভেদ অনাৰ চেষ্টা নকৰে ।

অন্য খবৰৰ বাবে পঢ়ক : অসমীয়া দুৰ্বল নহয়, চৰকাৰক আমি ভুল প্ৰমাণিত কৰিম:সদৌ অসম ছাত্ৰ সন্থা

ভিডিঅ প্ৰতক্ষ্য কৰক : RD Junior College Students Stage Massive Protest against CAB

Next Story
চাকৰি