Begin typing your search above and press return to search.

কা ৰ বিৰুদ্ধে অসম নাগৰিক‌ সমজৰ মানৱ শৃংখল কাৰ্যসূচীৰ আহ্বান

কা ৰ বিৰুদ্ধে  অসম নাগৰিক‌ সমজৰ মানৱ শৃংখল কাৰ্যসূচীৰ আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Jan 2020 10:40 AM GMT

কা ৰ বিৰুদ্ধে অসম নাগৰিক‌ সমজৰ মানৱ শৃংখল কাৰ্যসূচীৰ আহ্বান।অসম নাগৰিক‌ সমাজে যোৱা মঙ্গলবাৰে কয় যে সকলো কা বিৰোধী সংগঠনৰ মাজত সমন্বয় গঢ়ি তোলাৰ বাবে ৩০ জানুৱাৰীত মানৱ শৃংখল কাৰ্যসূচীৰ বাবে আহ্বান কৰা বিষয়টো স্বাগতম জনায় ।

নাগৰিক সমাজে ৩০ জানুৱাৰীৰ সন্ধিয়া ৫ বজাৰ পৰা ৬ বজালৈ দিঘলীপুখুৰী ওচৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰিব।‌

মঙ্গলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত হোৱা এক সংবাদ মেল সম্বোধন কৰি অসম নাগৰিক সমাজৰ কাৰ্যবাহী সভাপতি অজিত কুমাৰ ভূঞাই সকলোকে এই বিৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

নাগৰিক সমাজে কয় যে নেতৃত্বাধীন দলে তেওঁলোকৰ বিভাজনমূলক আৰু অগণতান্ত্ৰিক কৰ্মৰ দ্বাৰা ভাৰতত অৰাজকতাৰ সৃষ্টি কৰিছে । সেইবাবে বৰ্তমানৰ সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শ গ্ৰহণ কৰা অতি আৱশ্যক। সকলোৱে সচেতন যে নাগৰিকত্ব সংশোধনী আইনে অসমীয়াৰ অস্তিত্বত ভাবুকিৰ সৃষ্টি কৰিব । সেয়ে অসম নাগৰিক সমাজে মহাত্মা গান্ধীৰ মৃত্যু দিৱসৰ দিনা এই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰিব।

শিক্ষাবিদ অপূৰ্ব কুমাৰ বৰুৱাই কয় যে জনসাধৰণক সমস্যা সমূ্হৰ বিষয়ে অৱগত কৰোৱা অতি আৱশ্যক আৰু এক স্বতঃস্ফুৰ্ত আন্দোলন গঠন কৰা প্ৰয়োজন । লগতে তেওঁ কয় যে বৃহত্তৰ ভাৰতবৰ্ষৰ লগত সংযোগ কৰা অতি আৱশ্যক আৰু অসমৰ জনসাধাৰণক নেতৃত্ব প্ৰদান কৰিবলৈ এনে এজন নেতাৰ প্ৰয়োজন যিয়ে আন্দোলন ব্যৰ্থ হ'বলৈ নিদিয়ে ।

নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে সকলোকে একত্ৰিত হোৱাৰ আহ্বান জনায় নাগৰিক সমাজে কয় যে , উৎপীড়ন‌ আৰু লালসাৰ বাবে বিভাজনৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ বিপৰীতে এই সমূহ তথ্যৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিব লাগে যে চৰকাৰৰ দ্বাৰা পৰিচালিত সকলো কৌশলৰ পৰা জনসাধাৰণ সজাগ থাকে। তেওঁ আৰু কয় যে ইয়াৰ বাবেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰ ভাৱে গঢ়ি তুলিব লাগিব।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লোক ওলাই আহিছে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে । তদুপৰি কিছুদিন পূৰ্বে সদৌ অসম ছাত্ৰ সন্থা‌ আৰু ৩০ জনগোষ্ঠীয় সংগঠনে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে পৰৱৰ্তী আন্দোলনৰ ঘোষনা কৰিছিল । ঘোষনা কৰা আন্দোলনৰ কাৰ্যসূচীৰ ভিত্তিতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ বিৰুদ্ধে প্ৰতিবাদ।

অন্য খবৰৰ বাবে পঢ়ক : ঐতিহাসিক অন্যায় শুধৰণিৰ বাবে কা- অনা হৈছে – প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

ভিডিঅ প্ৰতক্ষ্য কৰক : Motorcyclist dies after crash with Truck in South Salmara Mankachar

Next Story
চাকৰি