Begin typing your search above and press return to search.

নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ আজি কেৰেলা ভ্ৰমণ

নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ আজি কেৰেলা ভ্ৰমণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Jun 2019 12:06 PM GMT

আজি দেশৰ দুটা শীৰ্ষ ৰাজনৈতিক দলৰ নেতায়ে কেৰেলা ভ্ৰমণ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে আজি কেৰেলা ভ্ৰমণ কৰে। কেৰেলাৰ দুটা পৃথক স্থানলৈ ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীয়ে ।লোকসভা নিৰ্বাচনৰ পিছত প্ৰথম বাৰলৈ কেৰেলা ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী আৰু ৰাহুল গান্ধীয়ে ।

আজি নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিশূৰ জিলাৰ বিখ্যাত মন্দিৰ গুৰুবায়ুৰ শ্ৰী কৃষ্ণ মন্দিৰত পূজা আগবঢ়াব। এই মন্দিৰটো ৫,০০০ বছৰ পুৰণি বুলি ইতিহাস প্ৰসিদ্ধ । ইয়াৰ মুখ্য মন্দিৰটো ১৬৩৮ চনত পুনৰ নিৰ্মাণ কৰা হৈছিল ।

আনহাতে ৰাহুল গান্ধীও আজি কেৰেলাত উপস্থিত হয়। ৰাহুল গান্ধীয়ে তেওঁৰ সমষ্টি ৱায়ানাড়ত উপস্থিত হয়। ৰাহুল গান্ধীয়ে এটা ৰোড শ্বত অংশগ্ৰহন কৰিব । ৱায়ানাড় বাসীয়ে তেওঁক সমৰ্থন কৰা আৰু তেওলোকৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা বাবে ধন্যবাদ জ্ঞাপন কৰিব। দলীয় কৰ্মীকো সাক্ষাৎ কৰিব আৰু তেওঁৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কম সময়ৰ বাবে কেৰেলাত উপস্থিত থাকিব ।আনহাতে ৰাহুল গান্ধীয়ে ৩ দিনৰ বাবে থাকিব বুলি প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰীয়ে ইৰনাকুলাম গেষ্ট হাউচত থাকিব আৰু হেলিকপ্টাৰৰ যোগে গুৰুবায়ুত উপস্থিত হব । মন্দিৰত সেৱা আগবঢ়োৱাৰ পাছত বিজেপিয়ে আয়োজন কৰা "অভিনন্দন সভাত" অংশগ্ৰহন কৰিব । যত মোদীৰ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰিব ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story