Begin typing your search above and press return to search.

বিনিয়োগ আৰু দক্ষতা উন্নয়নৰ বাবে নৰেন্দ্ৰ মোদীয়ে গঠন কৰিছে দুখন উচ্চ পৰ্যায়ৰ কেবিনেট কমিটি

বিনিয়োগ আৰু দক্ষতা উন্নয়নৰ বাবে নৰেন্দ্ৰ মোদীয়ে গঠন কৰিছে দুখন উচ্চ পৰ্যায়ৰ কেবিনেট কমিটি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Jun 2019 1:06 PM GMT

অৰ্থনৈতিক উন্নয়ন আৰু নিযুক্তিৰ ক্ষেত্ৰত সৃষ্টি হোৱা প্ৰত্যাহবান সমূহৰ সমাধানৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখন উচ্চ পৰ্যায়ৰ কেবিনেট কমিটি গঠন কৰে । ৫ গৰাকী সদস্যৰে গঠন কৰা হৈছে এই কেবিনেট কমিটি খন। এই কেবিনেটত শক্তিশালী মন্ত্ৰী সকলৰ ভিতৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ,কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নিতিন গাডকাৰী , বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু ৰেলৱে মন্ত্ৰী পিয়ুচ গোৱেলক অন্তভূক্ত কৰা হৈছে ।

আনখন কেবিনেট কমিটিত বিনিয়োগ আৰু উন্নয়নৰ বাবে ৫ জন সদস্য অন্তভূক্ত কৰা হৈছে । বিনিয়োগ আৰু দক্ষতা উন্নয়নৰ বাবে মোদীয়ে ১০ সদস্য কেবিনেটৰ গঠন কৰি দিছে। এই কমিটি খনত আছে অমিত শ্বাহ, নিৰ্মলা সীতাৰমন , পিয়ুচ গোৱেল , কৃষি, গ্ৰামোন্নয়ন আৰু পঞ্চায়ত ৰাজৰ মন্ত্ৰী নৰেন্দ্ৰ সিঙ তমাৰ, এইচ আৰ ডি মন্ত্ৰী ৰমেশ পখৰিয়াল নিচাংক, পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, দক্ষতা আৰু বানিজ্যিক মন্ত্ৰী মহেন্দ্ৰ নাথ পান্দে আৰু ৰাজ্যিক মন্ত্ৰী সন্তুস কুমাৰ গাংৱাৰ আৰু হাৰদিপ সিঙ পুৰীক অন্তভূক্ত কৰা হৈছে ।

এই দুখন উচ্চ পৰ্যায়ৰ কেবিনেটে চৰকাৰৰ সন্মুখত প্ৰত্যাহবান সৃষ্টি কৰা সমস্যা শীঘ্ৰে সমাধান কৰিবলৈ গঠন কৰা হৈছে ।

উল্লেখযোগ্য যে এই দুখন কেবিনেট গঠন কৰা হৈছে নতুনকৈ গঠন হোৱা মোদী চৰকাৰে । দেশৰ জলন্ত সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত নতুন চৰকাৰ খনৰ এয়া প্ৰসংশনীয় পদক্ষেপ ।

দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ হিচাপে নৰেন্দ্ৰ মোদী শপত গ্ৰহণ কৰিছিল ৩০ মে । মোদীৰ লগতে মোদীৰ কেবিনেটেও ৰাষ্ট্ৰীপতি ভৱনত শপত গ্ৰহণ কৰিছিল ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি