Begin typing your search above and press return to search.

জৰুৰীৰকালীন অৱস্থাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

জৰুৰীৰকালীন অৱস্থাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Jun 2019 7:51 AM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মংগলবাৰে কংগ্ৰেছক কটাক্ষ কৰি কয় যে কিছুসংখ্যক এনেধৰণৰ মানুহ আছে যিয়ে বিশ্বাস কৰে যে ১৯৭৫ চনত জৰুৰীকালীন সময়ত দেশত প্ৰগতিত হৈছিল ৷ সংসদত ৰাষ্ট্ৰপতি ৰামনাথ নাথ কোৱিন্দৰ ভাষণৰ ওপৰত হোৱা আলোচনাত প্ৰত্যুত্তৰ দিবলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছ দলক উদ্দেশ্য কৰি কয় যে কিছুমান লোকে অনুভৱ কৰে যে দেশৰ অগ্ৰগতিত তেওঁলোকৰ অৱদান অসীম। কিন্তু আমি ভাবোঁ যে প্ৰত্যেকজন নাগৰিকে ভাৰতৰ অগ্ৰগতিৰ কাৰণে কাম কৰিছে ৷

প্ৰধানমোডী নৰেন্দ্ৰ মোডীয়ে বিৰোধী দল কংগ্ৰেছক কটাক্ষ কৰি কয় যে ২০০৪ আৰু ২০১৪ চনলৈকে শাসনত থকা লোকসকলে এটা সময়ত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ভাল কামৰ বিষয়ে মন্তব্য কৰিছিল ৷ কিন্তু কেতিয়াবা তেওঁলোকে নৰসিংহ ৰাওৰ বিষয়ে মন্তব্য কৰিছেনে বুলি প্ৰশ্ন কৰে ৷

মনকৰিব লগীয়া যে উক্ত সময়ত তেওঁলোকে মনমোহন সিঙৰ বিষয়ে মন্তব্য কৰা নাছিল। বিৰোধী লোকসকলক কটাক্ষ কৰি মোডীয়ে কয় যে আপোনালোক বতাহত ইমানেই উৰিলে যে আপোনালোকে সম্প্ৰতি ভূমি দেখা নাপায় ৷ আপোনালোকে আপোনাৰ শিপা হেৰুৱাই পেলাইছে৷ সম্প্ৰতি মই সুখী যে আপোনালোক ইমান ওপৰলৈ উঠিছে ৷ আমি আপোনালোক আৰু ওপৰলৈ যোৱাতো বিছাৰোঁ ৷ প্ৰধান মন্ত্ৰী মোডীয়ে লগতে কয় যে জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তী আৰু ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰম কৰা ঐতিহাসিক ক্ষণক সকলোৱে উৎসাহজনক ভাৱে উদযাপন কৰিব লাগে।

স্বাধীনতা সংগ্ৰামৰ সময়ত মহিলা,পুৰুষসকলে দেশৰ কাৰণে প্ৰাণ আহুতি দিলে ।তেওঁলোকৰ কাৰণে দেশে স্বাধীনতা লাভ কৰিলে ৷ স্বাধীনতা লাভৰ কাৰণে দেশৰ কাৰণে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ কাৰণে দেশ নিৰ্মাণ হ’ল ৷ গতিকে প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ সকলোকে গান্ধীৰ জন্ম জয়ন্তী আৰু দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰৰ আনন্দ সকলোকে উদযাপন কৰিবলৈ আহ্বান কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলোক ভোটদাতাক নিৰ্বাচনত কৰা সহযোগিতাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে বহু বৰ্ষৰ পিছত দেশে এক শক্তিশালী জনাদেশ লাভ কৰাৰ কথা প্ৰকাশ কৰে ৷ সম্প্ৰতি ভাৰতৰ গণতন্ত্ৰক লৈ গৰ্ব কৰাৰ ক্ষণ বুলি মন্তব্য কৰে মোডীয়ে ৷ লোকসভা নিৰ্বাচনৰ ফলাফলে এইটো প্ৰতিপন্ন কৰিলে যে ভাৰতৰ লোকসকলে নিজতকৈ বেছি দেশৰ কাৰণে চিন্তা কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে নিৰ্বাচনে কোন জয় হ’ব আৰু কোন পৰাজয় হ’ব সেয়া লক্ষ্য নকৰে ৷ মোৰ কাৰণে ১৩০ কোটি ভাৰতবাসীৰ সেৱা কৰাটোৱেই জীৱনৰ প্ৰধান উদ্দেশ্য ৷

অধিক খবৰৰ বাবে পঢ়ক: অসমৰ জনসাধাৰণৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ দায়বদ্ধঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Next Story
চাকৰি