Begin typing your search above and press return to search.

১৯৮৪ চনৰ আন্দোলনৰ সন্দৰ্ভত কংগ্ৰেছে কৰা মন্তব্যক প্ৰধানমন্ত্ৰী মোদীৰ সমালোচনা

১৯৮৪ চনৰ আন্দোলনৰ সন্দৰ্ভত কংগ্ৰেছে কৰা মন্তব্যক প্ৰধানমন্ত্ৰী মোদীৰ সমালোচনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 May 2019 12:06 PM GMT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনৰ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছৰ নেতা চাম পিট্ৰোদায়ে ১৯৮৪ চনৰ আন্দোলনৰ সন্দৰ্ভত "হোৱা ত' হোৱা " বুলি কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

মধ্যপ্ৰদেশৰ ৰাটলামৰ এক ৰেলীত অংশগ্ৰহণকাৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে ১৯৮৪ চনৰ শিখ বিৰোধী আন্দোলনৰ সন্দৰ্ভত "হোৱা ত 'হোৱা " ( হ'ল, তাতে কি হল) বুলি কংগ্ৰেছে মন্তব্য কৰাক তীব্ৰ সমালোচনা কৰি কয় যে এয়া কংগ্ৰেছৰ অহংকাৰ। এই তিনিটা শব্দয়ে কংগ্ৰেছৰ অহংকাৰ প্ৰতিফলিত কৰিছে। কংগ্ৰেছে যেতিয়া "হোৱা ত' হোৱা " বুলি ক'লে, দেশৰ জনসাধাৰণেও কংগ্ৰেছক যথেষ্ট (Enough is enough) হল কয় বুলি প্ৰকাশ কৰে মোদীয়ে।

ৰাটলামৰ বিশাল জনসভাত অংশগ্ৰহন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যিসকল লোকে কংগ্ৰেছৰ শাসনৰ কালত পকী ঘৰ , বিদুৎ, ৰন্ধন গেছ আৰু শৌচাগাৰ লাভ কৰা নাছিল , সেই সকল লোকে কংগ্ৰেছক যথেষ্ট হল বুলি বৰ্জন কৰিব বুলি প্ৰকাশ কৰে।

মোদীয়ে সাংসদ কমল নাথকো সমালোচনা কৰে। ৰাজ্যখনৰ লোকসকলক ঋন ক্ষমাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাত বিফল হোৱাৰ কথা প্ৰকাশ কৰাৰ লগতে কয় যে মোদীয়ে জনসাধাৰণক ঈশ্বৰৰ লগত তুলনা কৰে কিন্তু কংগ্ৰেছে ঈশ্বৰকে ফাঁকি দিয়ে বুলি প্ৰকাশ কৰে।

মোদীয়ে লগতে প্ৰকাশ কৰে যে কংগ্ৰেছৰ "ভাৰাত মাতা কি জেই " ক'বলৈ কুণ্ঠাবোধ কৰে কিন্তু তেওঁক সমালোচনা কৰিবলৈ নকৰে।

মধ্যপ্ৰদেশত ১৯ মেত অন্তিম অথা সপ্তম পৰ্যায়ত অনুষ্ঠিত হব ভোট গ্ৰহণ । ২৩ মেত ফলাফল ঘোষণা কৰা হব লোকসভা নিৰ্বাচনৰ ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি