Begin typing your search above and press return to search.

নামনি সুৱনশিৰি জলবিদ্যু প্ৰকল্পলৈ সেউজ সংকেত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ

নামনি সুৱনশিৰি জলবিদ্যু প্ৰকল্পলৈ সেউজ সংকেত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Aug 2019 11:29 AM GMT

নামনি সুৱনশিৰি জলবিদ্যু প্ৰকল্পলৈ সেউজ সংকেত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ । বুধবাৰে সেউজ প্ৰাধিকৰণে অসম পাব্লিক ৱৰ্কছৰ আবেদন খাৰিজ কৰে । ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে প্ৰকাশ কৰে যে, আবেদন খনৰ ভিত্তিত আমি তেনে কোনো তথ্য লাভ কৰা নাই । ২০০০ মেগাৱাট শক্তিসম্পন্ন প্ৰকল্পটোৰ কাৰনে গঠন কৰা কমিটি খনৰ বিশেষজ্ঞ সকল পক্ষপাতমুলক হোৱাৰ কোনো নিদিষ্ট তথ্য নাই বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে নামনি সুৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ সকলো দিশ চালিজাৰি চাবৰ বাবে তিনিজনীয়া এখন কমিটি গঠন কৰি দিছিল ।

ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেল, ন্যায়াধীশ ৱাঙদি, ন্যায়াধীশ কে ৰামকৃষ্ণনৰ বিচাৰপীঠে এই ৰায় দিয়ে। এই কমিটিত বিশেষজ্ঞ ডঃ নাগিন নান্দা আছিল ।

ইয়াৰ সন্দৰ্ভত অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মায়ে কয় যে , " আমি আচৰিত হৈছো। এক সপ্তাহৰ পিছত আমি সৰ্বোচ্চ ন্যায়ালয় দ্বাৰস্থ হলো হয়।"

উল্লেখযোগ্য যে, যোৱা সপ্তাহত হোৱা শুনানিত বিশেষজ্ঞ কমিটিত কেইজনমান স্বাধীন সদস্য অন্তভূক্ত কৰিবলৈ প্ৰকাশ কৰিছিল । বিশেষজ্ঞ কমিটি খন কেন্দ্ৰীয় পৰিবেশ আৰু বন মন্ত্ৰালয়ে গঠন কৰি দিছিল ।

এই ৰায়দানত প্ৰকল্প নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিৰ তৰফৰ পৰা শুনানিৰ সময়ত আগবঢ়োৱা যুক্তিৰ উদ্ধৃতি আগবঢ়াই কৈছিল যে, ২০০২ চনৰ ডিচেম্বৰ মাহৰ হিচাপ অনুসৰি প্ৰকল্পটোৰ ব্যয় ৬,২৮৫.৩৩ কোটি আছিল । কিন্তু নিৰ্মাণত বিলম্ব হোৱাৰ বাবে ইয়াৰ ব্যয়ৰ পৰিমাণ ইতিমধ্যে ১৮,০০০ কোটিলৈ বৃদ্ধি হৈছে । বৰ্তমানলৈকে ৯,৬১০ কোটি টকা ব্যয় হোৱাৰ লগতে ২০১১ ৰ ডিচেম্বৰ মাহলৈকে প্ৰকল্পৰ প্ৰায় ৫০ % কাম সম্পূৰ্ণ হৈছে বুলিও জানিবলৈ দিছে ।

২০১৯ চনৰ ১৯ প্ৰকাশিত বক্তব্যত আছুৰ সভাপতি দিপাংকৰ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে প্ৰকাশ কৰে যে কেন্দ্ৰীয় পৰিবেশ আৰু বন মন্ত্ৰালয়ে নামনি সুৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ ২০০৩ ইতিমধ্যে মঞ্জুৰ কৰিছে । এই প্ৰকল্পটোৰ কাম চলি থকাৰ সময়ত কেন্দ্ৰীয়ে পৰিবেশ আৰু প্ৰযুক্তিবিদ্যাৰ দিশৰ বাবে কেইবাখনো কমিটি গঠন কৰি দিছিল । ৰিপোৰ্টত কমিটিয়ে প্ৰকাশ কৰিছিল যে এই প্ৰকল্পৰ দ্বাৰা লোকসকলৰ নিৰাপত্তা দিশটো আওকাণ কৰা হৈছে । ২০০৬ চনৰ ৮ ডিচেম্বৰত আছুৰ লগতে এন এইচ পি চিৰ বিষয়া আৰু চৰকাৰৰ প্ৰতিনিধিয়ে ত্ৰিপাক্ষিক বৈঠকত মিলিত হৈছিল । এই বৈঠকৰ পাছতে চৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ, আই আই টি গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞৰ টিম গঠন কৰি দিয়া হৈছিল । কমিটিৰ ৰিপোৰ্টত প্ৰকাশ কৰা হৈছিল যে প্ৰকল্পটো ভূমিকম্পৰ প্ৰবনতা থকা স্থানত অবস্থিত আৰু এই প্ৰকল্পটোৱে জনসাধাৰণ নিৰাপত্তাৰ দিশতো আওকাণ কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক : নামনি সুৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবীত আছুৰ লক্ষিমপুৰ শাখাৰ অৱস্থান ধৰ্মঘট

Next Story
চাকৰি