Begin typing your search above and press return to search.

১০ ডিচেম্বৰত উত্তৰ পূবত ১১ ঘন্টিয়া বন্ধ ঘোষণা নেছোৰ

১০ ডিচেম্বৰত উত্তৰ পূবত ১১ ঘন্টিয়া বন্ধ ঘোষণা নেছোৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Dec 2019 7:24 AM GMT

গুৱাহাটী: কেন্দ্ৰই লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন আৰু অনুমোদন কৰাৰ প্ৰতিবাদত উত্তৰ পূব ছাত্ৰ সংগঠনে ( নেছো)১১ ঘন্টিয়া উত্তৰ পূব বন্ধ ঘোষণা কৰিছে।নাগালেণ্ডৰ বাদে অন্য ৰাজ্য কেইখনত বন্ধৰ সময়সীমা হব পুৱা ৫বজাৰ পৰা আবেলি ৪বজালৈ।নাগালেণ্ডত হন বিল উৎসৱ চলি থকাৰ বাবে তাত বন্ধ ঘোষণা কৰা হোৱা নাই।বন্ধৰ বিপৰীতে নাগ। ছাত্ৰ সংস্থাই কহিমাত ৰাজ ভৱনৰ সন্মুখত বিধেয়কখনৰ প্ৰতিবাদ জনাই প্ৰতিবাদ সাব্যস্ত কৰিব।

অন্যহাতে নেছোৰ উপদেষ্টা ডঃ সম্মুজ্বল ভাট্টাচাৰ্যই মন্তব্য কৰে যে,যদিও ছাত্ৰ সংগঠনসমূহে বন্ধ সংস্কৃতি সমৰ্থন নকৰে কিন্ত্ত কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূবত জোৰকৈ প্ৰযোজ্য কৰিব বিচৰা বিধেয়ক খনৰ বিৰোধিতা কৰিয়েই অহা ১০ডিচেম্বৰত ১১ ঘন্টিয়া উত্তৰ পূব বন্ধ ঘোষণা কৰা হৈছে।অন্যহাতে আছুৰ মুখ্য উপদেষ্টা পদবীত থকা ভট্টাচাৰ্য ই লগতে কয় যে বিধেয়ক খন অসম চুক্তিৰ বিৰোধী,বাংলাদেশীৰ ৰক্ষক আৰু অসংবিধানীক।

Also Read: কেবৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ ৰণহুংকাৰ

Also Watch: Watch | AASU along with 30 indigenous organisations staging protest against CAB in Naharkatia

Next Story
চাকৰি