Begin typing your search above and press return to search.

উত্তৰ পূবৰ আধাৰত জম্মু কাশ্মীৰৰ বিকাশ কৰা হ’বঃজীতেন্দ্ৰ সিং

উত্তৰ পূবৰ আধাৰত জম্মু কাশ্মীৰৰ বিকাশ কৰা হ’বঃজীতেন্দ্ৰ সিং

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Sep 2019 5:02 AM GMT

কেন্দ্ৰীয় ডনাৰ ৰাজ্য মন্ত্ৰী জীতেন্দ্ৰ সিঙে কয় যে কেন্দ্ৰই উত্তৰ পূবৰ কিছু ৰাজ্যত ধাৰা ৩৭০ক বাস্তৱায়িত কৰিবলৈ কোনো পদক্ষেপ লোৱা নাই ৷বৰঞ্চ কেন্দ্ৰই উত্তৰ পুব ৰাজ্যৰ বিকাশৰ কাৰণে গুৰুত্ব প্ৰদান কৰিছে ৷বুধবাৰে গুৱাহাটীত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত জীতেন্দ্ৰ সিঙে কয় যে ডনাৰ মন্ত্ৰ্যালয়ৰ এটি দল উত্তৰ পূবৰ বিকাশৰ ধাৰাক জম্মু কাশ্মীৰত বাস্তৱায়িত কৰিবৰ কাৰণে কাশ্মীৰলৈ যাত্ৰা কৰিব ।

২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ পূব আৰু জম্মু কাশ্মীৰৰ বিকাশৰ কাৰনে বহু আঁচনি হাতত লৈছিল। বিগত পাঁচ বছৰে পৰিকল্পনাৰ বিকাশৰ কাৰণে এক বিকাশ মন্ডল আছে। সম্প্ৰতি আমি এই বিকাশ মণ্ডলক জম্মু কাশ্মীৰত বাস্তৱায়িত কৰিম ৷উল্লেখ্য যে এই বৈঠকত লাডাখৰ সাংসদ জেময়াং তেসৰিং নামগ্যাল,বিজিপিৰ নেত্ৰী মিনাক্ষী লেখী,অজয় জেমৱাল,বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ৰঞ্জীত কুমাৰ দাস উপস্থিত আছিল ৷

জম্বু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ প্ৰস্তুতি বিজেপি চৰকাৰে ২০১৯ চনৰ সাধাৰন নিৰ্বাচনৰ পূৰ্বৰ পৰাই চলাই আহিছিল । ৰ’ ৰ মুখ্য গোৱেলে ১১ জুলাইত জম্বু কাশ্মীৰ উপত্যকাত উপস্থিত হৈছিল । ২৩ জুলাইত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল জম্বু-কাশ্মীৰত উপস্থিত হৈ আলোচনা কৰিছিল ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ সন্দৰ্ভত । আনহাতে মুখ্য সেনাধক্ষ্য বিপিন ৰাৱাটে জুন আৰু জুলাইতো জম্বু-কাশ্মীৰত উপস্থিত হৈছিল , সেনাক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছিল । এই সম্পৰ্কত ২৪ জুলাইত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুস্থিত হৈছিল ।

বৰ্তমানৰ পৰা জম্বু-কাশ্মীৰ, লাডাখ হ’ব পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল । দ্বি-ভোটাৰ ব্যবস্থা নাথাকিব আৰু লগতে নাথাকিব সুকীয়া পতাকা । ত্ৰিৰংগ পতাকা উৰিব জম্বু কাশ্মীৰত । ৰাজ্য সভাত এই বিল গৃহীত হোৱাৰ পাছতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলা হৈছে । নিশাৰ পৰা শ্ৰীনগৰৰ পৰা জম্বুলৈ ঘোষণা কৰা হয় ১৪৪ ধাৰা। শিক্ষানুষ্ঠান সমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হয় ।

অন্য খবৰৰ বাবে পঢ়ক :লোকসভাত গৃহীত হোৱাৰ পাছত জম্বু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ

ভিডিঅ প্ৰতক্ষ্য কৰক :Sensation at Meghdoot Bhawan in Guwahati

Next Story
চাকৰি