ডিব্ৰুগড়ত কা-ৰ বিৰুদ্ধে আছুসহ ৩০ সংগঠনৰ উদ্যোগত জনতাৰ অগ্নিকণ্ঠ

ডিব্ৰুগড়ত কা-ৰ বিৰুদ্ধে আছুসহ ৩০ সংগঠনৰ উদ্যোগত জনতাৰ অগ্নিকণ্ঠ

বিতৰ্কিত নাগৰিকত্ব(সংশোধনী)আইনবিৰোধী 'জনতাৰঅগ্নিকণ্ঠ'ত কঁপিল ডিব্ৰুগড়। সদৌ অসম ছাত্ৰ সন্থা(আছু)সহ ৩০ জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত কা-ৰ বিৰুদ্ধে শনিবাৰে ডিব্ৰুগড়ৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। 'জনতাৰ অগ্নিকণ্ঠ' শীৰ্ষক এই প্ৰতিবাদী কাৰ্যসূচীত সহস্ৰাধিক লোকে অংশ লৈ বিতৰ্কিত নাগৰিকত্ব(সংশোধনী)আইনবিৰোধী ধ্বনিৰে পৰিৱেশ উত্তাল কৰে। আনহাতে, সমবেত জনতাক উদ্দেশি দিয়া ভাষণত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে বৰ্তমানেও অসম তথা উত্তৰ-পূবৰ ৰাইজ বিতৰ্কিত নাগৰিকত্ব(সংশোধনী)আইনৰ বিৰুদ্ধে ঐক্যৱদ্ধ হৈ আছে। এই আইনবিৰোধী প্ৰতিবাদ স্তিমিত হোৱা নাই বুলি মন্তব্য কৰি আছুৰ মুখ্য উপদেষ্টা ভট্টাচাৰ্যই আৰু কয়, " শিক্ষানুষ্ঠানসমূহৰ পৰীক্ষা চলি থকাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধা-অসুবিধাৰ প্ৰতি লক্ষ্য ৰখা হৈছে।ছাত্ৰ-ছাত্ৰীসকলক আমি বিদ্যায়তনিক দিশত ক্ষতি কৰিব বিচৰা নাই। পৰীক্ষা শেষ হোৱাৰ পাছত বিতৰ্কিত নাগৰিকত্ব(সংশোধনী)আইনৰ বিৰুদ্ধে পুনৰ প্ৰৱল আন্দোলন গঢ়ি তোলা হ'ব"।আন কেনেধৰণৰ নতুন গণতান্ত্ৰিক পন্থাৰে বিতৰ্কিত নাগৰিকত্ব(সংশোধনী)আইনবিৰোধী প্ৰতিবাদ আগুৱাই নিব পাৰি তাৰ বাবে তেওঁ ৰাইজৰ পৰা পৰামৰ্শ বিচাৰে। দিল্লীকে ধৰি দেশৰ বহু অঞ্চলত বিতৰ্কিত নাগৰিকত্ব(সংশোধনী)আইনৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ সাব্যস্ত হোৱাৰ বিপৰীতে অসমত শান্তিপূৰ্ণভাবে এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকা বুলি আছু নেতাজনে ভাষণত উল্লেখ কৰে। ভট্টাচাৰ্যইঅভিযোগ কৰে যে বিতৰ্কিত নাগৰিকত্ব(সংশোধনী)আইন বলবতৰ উদ্দেশ্য কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে উত্তৰ-পূবত বিভাজনৰ ৰাজনীতি খেলিছে । তত্সত্বেও উত্তৰ-পূবৰ জনতা এই বৈষম্যমূলক আইনৰ বিৰুদ্ধে ঐক্যৱদ্ধ হৈ আছে বুলি তেওঁ দাবী কৰে। ইপিনে, এই প্ৰতিবাদী কাৰ্যসূচীত ভাষণ দি আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে বিতৰ্কিত নাগৰিকত্ব(সংশোধনী)আইনে অসমলৈ ভয়াবহ সংকট নমাই আনিব।এই সংকট প্ৰতিৰোধৰ বাবে সকলো শ্ৰেণীৰ লোকে ঐক্যৱদ্ধভাৱে সংগ্ৰাম গঢ়ি তুলিব লাগিব বুলি নাথে মতপোষণ কৰে। বিতৰ্কিত নাগৰিকত্ব(সংশোধনী)আইনে অসম আৰু অসমীয়াৰ প্ৰতি কেনে সংকট মাতি আনিছে তাৰ ব্যাখ্যা কৰি আছুৰ সভাপতিজনে ত্ৰিপুৰাত ত্ৰিপুৰীসকল আৰু তেওঁলোকৰ ভাষাই সন্মুখীন হোৱা সংকটৰ বিষয়ে উল্লেখ কৰে। নাথে কয় যে বাংলাভাষীৰ ব্যাপক প্ৰব্ৰজনৰ বাবে ত্ৰিপুৰীসকলৰ মাতৃভাষা ককবৰকে ৰাজ্যখনৰ প্ৰধান ভাষাৰ স্বীকৃতি হেৰুৱালে। বিতৰ্কিত নাগৰিকত্ব(সংশোধনী)আইনে অসমতো একে পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা আছে বুলি তেওঁ কয়। সেয়েহে এই আইনৰ বিৰুদ্ধে ঐক্যৱদ্ধ সংগ্ৰামৰ বিকল্প নাই বুলি আছুৰ সভাপতিজনে মতপোষণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়েও বক্তব্য আগবঢ়ায়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com