উত্তৰ পূব পৰিষদে এক্ট ইষ্ট পলিচিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে: সৰ্বানন্দ সোনোৱাল

উত্তৰ পূব পৰিষদে এক্ট ইষ্ট পলিচিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগে: সৰ্বানন্দ সোনোৱাল

দেওবাৰে গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা উত্তৰ পূব পৰিষদৰ ৬৮ সংখ্যক বৈঠকত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে এক্ট ইষ্ট পলিচীৰ জৰিয়তে ব্যৱসায়,বাণিজ্য, বিনিযোগ,পৰ্যটন যোগাযোগ আদি খণ্ডৰ বিকাশ সাধন আৰু দক্ষিণ পূৱ এছিয়াৰ দেশসমূহৰ লগত সম্পৰ্ক সুদৃঢ় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয়ে সহযোগিতা আগবঢ়াব লাগে ৷

মুখ্যমন্ত্ৰীয়ে বিশ্বাস কৰে যে উত্তৰ পূব পৰিষদৰ ৬৮ সংখ্যক বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত এই অঞ্চলৰ বিকাশত এক নতুন দিশ আহিব ৷ উত্তৰ পূবৰ বিভিন্ন ক্ষেত্ৰত বিকাশত জাগৰণ বৃদ্ধি কৰাৰ লগতে ক্ষেত্ৰখনৰ সমৃদ্ধিশালী সংস্কৃতি,হস্তশিল্প,বস্ত্ৰ, উদ্যোগ আৰু পৰ্যটনৰ সুবিধাসমূহ বিকাশ কৰিবলৈ উত্তৰ পূব পৰিষদক অনুৰোধ কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷

লগতে সোনোৱালে উত্তৰ পূব ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত বিনিময়ৰ কাৰ্যসূচী গ্ৰহণৰ বাবে প্ৰস্তাৱ দিয়ে। যাতে ক্ৰীড়া আৰু সাংস্কৃতিক বিনিময়েৰে অঞ্চলটোৰ উন্নয়ণ কৰিব পাৰে। ইফালে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ ভাষা,আছিয়ান আৰু বি বি এন দেশসমূহৰ ভাষৰ গৱেষণা আৰু প্ৰশিক্ষণৰ সুবিধা থকাকৈ ভাষিক একাডেমী স্থাপনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উত্তৰ পূব ঔদ্যোগিক উন্নয়ন আঁচনি ২০১৭ আৰু অধিক গতিশীল কৰাৰ ওপৰত গুৰুত্ব কৰি এক্ট ইষ্ট প’লিচিৰ জৰিয়তে অঞ্চলটোৰ বাণিজ্যিক সম্ভৱনীয়তা বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়ে। ইফালে অসমৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সোনোৱালে কয় যে বানপানী আৰু ভূমিস্খলনে কেৱল অসমতে নহয় সমগ্ৰ উত্তৰ পূবতে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে অঞ্চলটোৰ নদীৰ গৰাখহনীয়া,ভূমিস্খলন,ভূমিকম্প আৰু বানপানীৰ সমস্যাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’বলৈ আহ্বান জনায় ৷

আনহাতে জম্মু কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আৰু ধাৰা ৩৫ বিলুপ্তিৰ জৰিয়তে ৰাষ্ট্ৰীয় ঐক্য অধিক সুদৃঢ় কৰা হৈছে বুলি মন্তব্য কৰে সোনোৱালে৷ উল্লেখ্য যে কেন্দ্ৰীয় বিদ্যালয় আৰু নবোদয় বিদ্যালয় স্থাপনৰ উপৰি উত্তৰ পূবাঞ্চলত আৰু অধিক সংখ্যক চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবেও উত্তৰ পূব পৰিষদক অনুৰোধ জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। লগতে সোনোৱালে সূধাকণ্ঠ ড° ভূপেন হাজৰিকাক ভাৰত ৰত্নৰে সন্মানিত কৰাৰ কাৰণে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনায় ৷

ভিডিঅ প্ৰতক্ষ্য কৰক :Delhi based Burglars along with female accomplices arrested in Guwahati

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com