Begin typing your search above and press return to search.

এন আৰ চিৰ কৰ্তব্যত অবহেলা কৰাৰ বাবে বিষয়াক বৰ্খাস্ত

এন আৰ চিৰ কৰ্তব্যত অবহেলা কৰাৰ বাবে বিষয়াক বৰ্খাস্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 July 2019 7:47 AM GMT

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ কৰ্তব্যত অবহেলা কৰাৰ বাবে ৫ জন চৰকাৰী বিষয়াক এন আৰ চি কৰ্তৃপক্ষ, ৰাজ্যিক গৃহ আৰু ৰাজনীতি বিভাগে বৰ্খাস্ত কৰে বুলি সূত্ৰয়ে প্ৰকাশ কৰে । চৰকাৰী বিষয়া কেইজনক দাবী আৰু অভিযোগৰ শুনানিৰ পক্ৰিয়াত নিয়োগ কৰা হৈছিল । লগতে এই ৫ জন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব বুলিও প্ৰকাশ কৰে ।

সৰ্বোচ্চ ন্যায়ালয়ৰ অধিনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পক্ৰিয়া চলি আছে । সেয়েহে কোনো কাৰণতে অবহেলাক প্ৰশ্ৰয় দিয়া নহব বুলি প্ৰকাশ কৰে । ডিছপজিঙ বিষয়া হিচাপে কৰ্তব্যৰত কেইজনমান বিষয়াক কৰ্তব্যত অবহেলাৰ হেতুকে বৰ্খাস্ত কৰা হয়। ৫ জন বৰ্খাস্ত হোৱা বিষয়াৰ পৰা সুদুত্তৰ নোপোৱাত তেওঁলোকৰ বিৰুদ্ধে শ্ব' কজ ( show cause) জাননী জাৰি কৰা হৈছে ।

তথ্যৰ ভিত্তিত এন আৰ চি কৰ্তৃপক্ষ আৰু গৃহ আৰু ৰাজনীতি বিভাগে পলাসবাৰী নগৰ কমিটিৰ সহকাৰী অভিযন্তা প্ৰফুল্ল কুমাৰ শৰ্মা, কাটলিচেৰা ভেটেনাৰি বিষয়া ডঃ নিলমনি দেব গোস্বামী , আগমনি মৎস্য সম্প্ৰসাৰণ বিষয়া ব্ৰজেন কুমাৰ ওজা , বিষয়া আব্দুল কাদেৰ আৰু পশ্চিম গোৱালপাৰা কলেজৰ সহকাৰী অধ্যাপক ইকৰামুল হুছেইন। তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে ব্যবস্থা গ্ৰহণ কৰাৰ পক্ৰিয়া আৰম্ভ কৰিছে বুলি প্ৰকাশ কৰে ।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অতিৰিক্ত খচৰা তালিকাৰ পৰা নাম কৰ্তন হোৱাসকলৰ দাবী আৰু শুনানি গ্ৰহণ প্ৰক্ৰিয়া শুকুৰবাৰৰ পৰা আৰম্ভ হয় ৷২০১৮ বৰ্ষৰ ৩০ জুলাইত প্ৰকাশিত এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা অযোগ্য লোকৰ নাম নিৰীক্ষণৰ পিছত এন আৰ চি কৰ্তৃপক্ষই ২৬ জুনত এখন অতিৰিক্ত তালিকা প্ৰকাশ কৰিছিল ৷ এই অতিৰিক্ত খচৰাত ১,০২,৪৬২ জন লোকৰ নাম কৰ্তন হৈছিল ৷

অন্য খবৰৰ বাবে পঢ়ক:আজিৰে পৰা ৰাষ্ট্ৰীয় নাগৰিক সমকালীনভাৱে দাবী আৰু শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ

Next Story
চাকৰি