Begin typing your search above and press return to search.

নৰ্থ ইষ্ট ইনষ্টিউড অফ ফেশ্যন টেকন’ল’জিৰ ৰীমা দাসলৈ এক বিশেষ পুৰস্কাৰ

নৰ্থ ইষ্ট ইনষ্টিউড অফ ফেশ্যন টেকন’ল’জিৰ ৰীমা দাসলৈ এক বিশেষ পুৰস্কাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Oct 2019 4:30 AM GMT

বুলবুল কেন ছিংৰ দ্বাৰা বিশ্বৰ দৰবাৰত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা পৰিচালক তথা ছবি নিৰ্মাতা ৰীমা দাসলৈ এইবাৰ বিশেষ সন্মান আগবঢ়াই নৰ্থ ইষ্ট ইনষ্টিউড অফ ফেশ্যন টেকন’লজিয়ে। এনইআইএফটিয়ে আয়োজন কৰা "চেলিব্ৰেটীং নৰ্থ ইষ্ট" ফেষ্টিভেলত "এনইআইএফটি এক্সলেন্সি এৱাৰ্ড" প্ৰদান কৰিব ৰীমা দাসক।

২ নৱেম্বৰত দিল্লীত আয়োজন কৰা অনুষ্ঠানত এই বটাঁ প্ৰদান কৰা হ’ব ৷বুধবাৰে মহানগৰীত এক সংবাদ মেল আয়োজন কৰি এনইআইএফটিয়ে আয়োজন কৰা অনুষ্ঠানৰ আয়োজক বিক্ৰম ৰায় মেধীয়ে কয় যে দিল্লী এনচিআৰৰ প্ৰায় তিনি লাখৰ লোক কলা,সংস্কৃতি,নৃত্য,হস্ত শিল্প উৎপাদনৰ সাক্ষী হ’ব ৷ ইফালে ছবি নিৰ্মাতা ৰীমা দাসক ছবি জগতৰ কাৰণে আগবঢ়োৱা অৱদানৰ কাৰণে সন্মানিত কৰা হ’ব ।ৰীমা দাসৰ বুলবুল কেন ছিং দেশত খলকনিৰ সৃষ্টি কৰিছে ৷

চলিত বৰ্ষৰ ২০ ছেপ্তেম্বৰত ছবিঘৰত বুলবুল কেন ছিঙে মুক্তি লাভ কৰিছিল ৷ এই ছবিখনে আঞ্চলিক ভাষাত ৬৬ সংখ্যক ৰজত কমল বটাঁ লাভ কৰিছিল ৷ ইয়াৰোপৰি বুলবুল কেন ছিঙে চলিত বৰ্ষত সৰ্বশ্ৰেষ্ঠ অসমীয়া ছবিৰ কাৰণে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল ৷

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানিত ভিলেইজ ৰকষ্টাৰৰ দৰে বুলবুল কেন চিং ছবিখন ইতিবাচক চিন্তাৰে দৃশ্য গ্ৰহণ কৰা হৈছিল। বুলবুল কেন চিং ছবিখন টৰেন্ট’ ছবি মহোৎসৱ আৰু বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত দেখুওৱা হৈছে ৷লগতে ছবিখনে ১৩ টা পুৰস্কাৰ লাভ কৰিছে ৷

ইফালে ৰীমা দাসৰ পূৰ্বৰ ছবি ভিলেজ ৰকষ্টাৰছ ( village rockstars ) য়ে লাভ কৰিছিল ৩ টাকৈ সন্মানীয় বঁটা । ইয়াৰ লগতে সকলোৰে বহু প্ৰতীক্ষিত ভিলেজ ৰকষ্টাৰছে অস্কাৰলৈও মনোনিত হৈছিল ৷ এইয়া নিশ্চয় অসমৰ লগতে ভাৰতবাসীলৈ গৌৰৱপূৰ্ণ কথা ৷ ভিলেজ ৰকষ্টাৰছৰ দৰে এইবাৰৰ বুলবুল কেন ছিঙে ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সমাদৰ লাভ কৰিছে।

আনহাতে সদ্যহতে কাঞ্চনজংঘাৰ দৰে ছবিৰ জৰিয়তে অসমৰ উজনিৰ পৰা নামনিলৈ ধুমুহাৰ সৃষ্টি কৰা জুবিন গাৰ্গে গীতেৰে মন্ত্ৰমুগ্ধ কৰিব দিল্লী বাসীক ৷অন্যান্য শিল্পীসকলৰ ভিতৰত আছে জয় বৰুৱাৰ ব্ৰেণ্ড আৰু দিপলীনা ডেকাৰ ব্ৰেণ্ড। উল্লেখ্য যে এই অনুষ্ঠানত উত্তৰ পুবৰ লোকসকলৰ সাহিত্য সংস্কৃতিক প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত প্ৰবেশৰ কাৰণে কোনো মাছুলৰ আৱশ্যক নাই। আয়োজকসকলক সম্পতি দিল্লীবাসীৰ মৰম আৰু বিশ্বাসৰ প্ৰয়োজন ৷

অন্য খবৰৰ বাবে পঢ়ক: ৰীমা দাসলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান: Someone to watch বঁটা প্ৰদান অসম কন্যাক

ভিডিঅ প্ৰতক্ষ্য কৰক:Road Accident in Orang, One killed

Next Story
চাকৰি