Begin typing your search above and press return to search.

সত্ৰৰ ভূমি বেদখল মুক্ত কৰিবলৈ নতুন আইন প্ৰস্তুত অসম চৰকাৰৰ

সত্ৰৰ ভূমি বেদখল মুক্ত কৰিবলৈ নতুন আইন প্ৰস্তুত অসম চৰকাৰৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 July 2019 8:06 AM GMT

সত্ৰকে ধৰি আন ধৰ্মীয় অনুস্থান সমূহৰ ভূমি বেদখল মুক্ত কৰিবলৈ অসম চৰকাৰ নতুন আইন প্ৰস্তুত কৰিছে । জুলাই ১৮ তাৰিখৰ পৰা আৰম্ভ হব লগা অসম বিধানসভাত এই আইন খনৰ উত্থাপন কৰা হব । এই আইন খনে বৃট্ৰিছৰ দিনৰ এক্ট আৰু নিয়ম যথেষ্ট সলনি কৰা হব ।

সূত্ৰয়ে প্ৰকাশ কৰিছে যে, ৰাজ্যিক ৰাজহ বিভাগে " ১৮৮৬ চনৰ অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ " আইন খন সংশোধন কৰি " অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনি আইন-২০১৯ " প্ৰস্তুত কৰিছে । প্ৰকৃত নিয়ন্ত্ৰণৰ আইনত ধৰ্মীয় অনুস্থান অথবা সত্ৰ সমূহত বেদখল মুক্ত কৰিবলৈ কোনো বিভাগকে দায়িত্ব দিয়া হোৱা নাছিল ।

যদি বিধান সভাত আইন খন ৰূপায়ণ হয় , তেতিয়া এই প্ৰস্তাৱে বেদখল মুক্ত কৰিবলৈ কৰাবলৈ জিলা উপায়ুক্তক দায়িত্ব দিয়া হব । ৰাজহ বিভাগ এজন বিষয়ায়ে প্ৰকাশ কৰে যে, এই আইন খনে শতিকা পুৰণি সকলো ধৰ্মীয় অনুস্থান আৰু সত্ৰ সমূহক সামৰি লব । নতুনকৈ স্থাপন হোৱা ধৰ্মীয় অনুস্থান আৰু আন সংস্থা সমূহৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য নহয় ।

শেহতীয়া কাৰ্যালয়ৰ তথ্য মতে , অসমত সত্ৰৰ প্ৰায় ২৩১ বিঘা আৰু ৪ কঠা ভূমি বেদখলৰ কবলত আছে ।চৰকাৰী তথ্যমতে ১৫৩ বিঘা ৰাজ্যত অধিগ্ৰহণ কৰি থকা ভূমি আছে কিন্তু অসম সত্ৰ মহাসভাৰ মতে অধিগ্ৰহণ কৰি থকা ভূমিৰ সংখ্যা ৭০০০ বিঘা। যোৱা বৰ্ষত অধিগ্ৰহণ কৰি থকা ভূমিৰ সন্দৰ্ভত জৰীপ চলাবৰ বাবে জিলা প্ৰশাসন আৰু অসম সত্ৰ মহাসভাৰ মাজৰ এখন যুতীয়া সমিতি গঠন কৰা হৈছিল, কিন্তু আজি পৰ্য্যন্ত কোনো উল্লেখযোগ্য ভূমি জৰীপ কৰা দেখা নগল। অধিগ্ৰহণ কৰা ভূমি সমূহত সন্দেহযুক্ত নাগৰিকে মহজিদ, মাদ্ৰাছা গঢ়ি তুলিছে। মৰিগাওঁত ২৫ নৱেম্বত অনুষ্ঠিত হোৱা কেন্দীয় কাৰ্য্যনিৰ্বাহক সমিতিৰ বৈঠকত অসম সত্ৰ মহাসভাই এই বিষয়বোৰ ডাঙি ধৰে।

অধিক খবৰৰ বাবে পঢ়ক: অধিগ্ৰহণ কৰা ভূমি সমস্যা সমাধান সন্দৰ্ভত মুখ্যমন্ত্ৰী সোনোৱাল আগ্ৰহী নে?

Next Story
চাকৰি