Begin typing your search above and press return to search.

সাৱধান: অসমত আৰম্ভ হ’ল নতুন যান বাহন আইন

সাৱধান: অসমত আৰম্ভ হ’ল নতুন যান বাহন আইন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Sep 2019 11:47 AM GMT

যান বাহন উলংঘাকাৰী সকল সাৱধান ৷কাৰণ অৱশেষত অসমত বলৱৎ হ’ল নতুন যান বাহন আইন ৷গতিকে এতিয়াৰ পৰা যান বাহন আইন ভংগ কৰিলে পৰিশোধ কৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা । যান বাহন আইন ভংগ কৰিলে লাইচেন্স পৰ্যন্ত জব্দ কৰাৰ লগতে জেইলৈও যাব লগা হ’ব পাৰে চালকৰ ৷

অন্যহাতে নতুন আইন অনুসৰি জৰিমনাৰ পৰিমাণ হ’ব এনেধৰণৰ ড্ৰাইভিং লাইচেন্স নাথাকিলে ৫০০০ হাজাৰ টকা,ছীট বেল্ট ব্যৱহাৰ নকৰিলে ১,০০০ টকা,প্ৰদূষণ মুক্ত প্ৰমাণ পত্ৰ নাথাকিলে ১০ হাজাৰ টকা,১৪ বছৰৰ তলৰ শিশুৱে চিট বেল্ট ব্যৱহাৰ নকৰিলে ১০০০ টকা,দুচকীয়া বাহনত দুজনৰ অধিক উঠিলে ১০০০ টকা,হেলমেট নিপিন্ধিলে জৰিমনা পৰিশোধ কৰিব লাগিব ১০০০ টকা,এম্বুলেন্সক বাট এৰি নিদিলে ১০ হাজাৰ টকা জৰিমনা হিছাপে পৰিশোধ কৰিব লাগিব ৷

ইফালে অগ্নিনিৰ্বাপকৰ বাহনক বাট এৰি নিদিলে ১০ হাজাৰ টকা,নিষিদ্ধ অঞ্চলত হৰ্ণ বজালে ভৰিব লাগিব ১ হাজাৰ টকা,বীমাবিহীন গাড়ীচালকে ভৰিব লাগিব ২ হাজাৰ টকা,সুৰাপান কৰি গাড়ী চলালে ৬ মাহ জে’ল আৰু ১০ হাজাৰ টকা জৰিমনা ভৰিব লাগিব।

সেইদৰে আকৌ একেই ভুল পুনৰাবৃত্তি কৰিলে ২ বছৰ জে’ল আৰু ১৫০০০ টকাৰ জৰিমনা,বাহন চলাওতে ম’বাইল ফোন ব্যৱহাৰকাৰীৰ ১০ হাজাৰ টকা,প্ৰথমবাৰ এই আইন উলংঘাকাৰীৰ জৰিমনা ৫ হাজাৰ টকা,বাহনৰ পঞ্জীয়ন নাথাকিলে ১০ হাজাৰ টকা,বাহনৰ অ’ভাৰ লোডিঙত ২০ হাজাৰ টকা,অতিৰিক্ত প্ৰতি টনৰ বাবদ ২ হাজাৰ টকা ভৰিব লাগিব।

সাম্প্ৰতিক সময়ত সকলোতে আটাইতকৈ চৰ্চিত বিষয়টো হৈছে যান বাহন আইন ২০১৯৷নতুন মটৰ পৰিবহন আইন ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱাৰ কেইঘন্টামানৰ পিছতেই দিল্লীত এগৰাকী দুচকীয়া বাহনৰ যাত্ৰীয়ে হেলমেট পৰিধান নকৰা আৰু প্ৰয়োজনীয় তথ্য পাতি লগত নৰখাৰ কাৰণে ২৩০০০ টকা জৰিমনা ভৰিব লগা হয় ৷ আনহাতে পশ্চিম বংগত আকৌ এগৰাকী অটোচালকে জৰিমনা ভৰে প্ৰায় ৩২,৫০০ টকা ৷ যাৱতীয় তথ্য লগত নৰখা,পঞ্জীকৃত যাৱতীয় তথ্য পাতি লগত নৰখা,ইন্সুৰেন্স,বায়ু প্ৰদূষণ,নাম্বাৰ প্লেট আৰু বিপদশংকুল যাত্ৰাৰ আদি বহু কেইটা বিষয়ৰ কাৰণে জৰিমনা দিয়ে ৩২,৫০০ টকা। গতিকে এই অৱস্থাই যান বাহন উলংঘাকাৰীক নাকী লগোৱাৰ লগতে কিছুমান যাত্ৰীৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

অন্য খবৰৰ বাবে পঢ়ক: এইবাৰ যান বাহন আইন উলংঘা কৰাৰ চালান ভগৱান ৰামৰ নামত: কিন্তু ক’ত এই ঘটনা?

ভিডিঅ প্ৰতক্ষ্য কৰক:Ceremonial launch of Free Drug Scheme for Tea Garden Hospitals

Next Story
চাকৰি