Begin typing your search above and press return to search.

ৰাজ্যত মাছৰ উৎপাদনৰ কাৰণে নতুন প্ৰযুক্তি

ৰাজ্যত মাছৰ উৎপাদনৰ কাৰণে নতুন প্ৰযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Sep 2019 5:07 AM GMT

ৰাজ্যত মাছৰ উৎপাদনৰ কাৰণে নতুন প্ৰযুক্তি ৷ মৎস পালনক সম্প্ৰতি এক নতুন নামেৰে জনা যায় "কেগ কালছাৰ"৷ অসমৰ বিভিন্ন ঠাইৰ বিল,পুখুৰীত পোহা মাছৰ উৎপাদন বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰা হৈছে । কেগ কালচাৰ জৰিয়তে মাছৰ উৎপাদন বৃদ্ধি কৰিবলৈ অসমত ১৯ খন ঠাই নিৰ্বাচিত কৰা হৈছিল৷ তাৰ ভিতৰত আছিল বঙাইগাঁও,বাক্সা,বৰপেটা আৰু নগাঁও ।এই নতুন আঁচনিৰ অধীনত নিৰ্দিষ্ট ঠাইসমূহৰ পুখুৰীত একোটাকৈ বেটেৰী সংস্থাপিত কৰা হ’ব ৷

এনেধৰণৰ ব্যৱস্থাৰ কৰা মাছৰ উৎপাদন বৃদ্ধি হ’ব ৷মাছ উৎপাদনৰ সচিব ৰাকেশ কুমাৰে দ্য চেন্টিনেলৰ সন্মুখত কয় যে কেগৰ দ্বাৰা মাছ পালন কৰাৰ জৰিয়তে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ যত্ন কৰা হৈছে। কাৰণ অসমৰ দৰে বানে প্ৰভাৱিত কৰা অঞ্চলত এনে ধৰণৰ মাছ পালনৰ ব্যৱস্থাই কৃষকসকলক উপকৃত কৰিব।

লগতে সচিব গৰাকীয়ে কয় যে আৱদ্ধ ঠাইত পানীত মাছসমূহে খেলিব পাৰিব ৷ গতিকে প্ৰত্যেক বছৰত অহা বানে মাছসমূহক কোনো ধৰণে ক্ষতি কৰিব নোৱাৰে ৷ গতিকে অসমত এনেধৰণৰ মাছ উৎপাদন কৰিবলৈ ব্যৱস্থা অত্যন্ত জৰুৰী লগতে এনেধৰণৰ ব্যৱস্থাৰ জৰিয়তে কৃষকসকলে চাৰিৰ পৰা পাঁচ প্ৰকাৰৰ বিভিন্ন মাছৰ উৎপাদন কৰিব পাৰিব ৷

আনহাতে এই আঁচনিৰ কাৰণে প্ৰয়োজন হ’ব প্ৰায় ১০ লাখ ৷ইয়াৰোপৰি এই আঁচনিৰ নিৰ্দিষ্ট ব্যক্তি জনে ৩০ শতাংশ বহন কৰিব লাগিব ৷আৰু ৭০ শতাংশ ৰাজ্য চৰকাৰে চাবচিডিৰ আকাৰে বহন কৰিব। বৰ্তমান অসমত ২.৯৪ টন মাছ উৎপাদন কৰে ৷মুখ্যমন্ত্ৰী গাঁও বিকাশ আঁচনিৰ জৰিয়তে মাছ উৎপাদন বিভাগে মাছৰ উৎপাদন,মাছৰ বৃদ্ধি বিকাশৰ কাৰণে বিভিন্ন পদক্ষেপ হাতত ল’ব ৷

অধিক খবৰৰ বাবে পঢ়ক:উঠাই লোৱা হ’ল চালানী মাছৰ ওপৰত থকা নিষেধাজ্ঞা

ভিডিঅ প্ৰতক্ষ্য কৰক:BJP Yuva Morcha observes Blood Donation Camp in Tinsukia Civil Hospital

Next Story
চাকৰি