Begin typing your search above and press return to search.

অসমত কোনো লোক ক'ৰ'ণাভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা নাই - স্বাস্থ্য মন্ত্ৰী শৰ্মা‌

অসমত কোনো লোক কৰণাভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা নাই - স্বাস্থ্য মন্ত্ৰী শৰ্মা‌

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 March 2020 10:13 AM GMT

অসমত কোনো লোক ক''ণাভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা নাই - স্বাস্থ্য মন্ত্ৰী শৰ্মা‌

অসমত কোনো ক''ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা নাই - স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । চীনৰ য়ুহানত সৃষ্ট তথা বিশ্বজুৰি আতংক সৃষ্টি কৰা ক''ণাভাইৰাছৰ দ্বাৰা অসমত কোনো লোক আক্ৰান্ত হোৱা নাই। অসম বিধানসভাৰ বাজেট অধিবেশন দ্বিতীয় দিনা অৰ্থাৎ মঙ্গলবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই তথ্য সদৰী কৰি কয় যে অসমত এতিয়ালৈকে কোনো লোক ক''ণাভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা নাই। বিজেপি বিধায়ক ডাঃ নোমল মমিনে কোৰোনাভাইৰাছৰ প্ৰসংগ উত্থাপন কৰি গুৱাহাটী ৰেলৱে ষ্টেচনত যাত্ৰী সকলক পৰীক্ষা কৰিবলৈ উপযুক্ত সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায়

বিধায়কজনৰ প্ৰশ্নৰ উত্তৰত লিখিতভাৱে মন্ত্ৰী শৰ্মাই এই মহামাৰীক লৈ চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা পদক্ষেপৰ ৰূপৰেখা প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে''ণাভাইৰাছ (কোভিদ -১৯)-ৰ প্ৰাদুৰ্ভাৱ প্ৰতিৰোধ কৰিবলৈ আৰু সম্ভাৱ্য ক্ষেত্ৰত এই মহামাৰীৰ প্ৰকোপ প্ৰতিহত কৰাৰ উদ্দেশ্য সম্ভৱপৰ সকলোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপসমূহ ভাৰত চৰকাৰৰ দ্বাৰা জাৰি কৰা পৰামৰ্শৰ অনুৰূপ আৰু বিশ্ব স্বাস্থ্য সংস্থা, ইউনিচেফ আৰু আন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰামৰ্শমৰ্মে লোৱা হৈছে।

মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি কয় যে সকলো জিলাৰ জিলা উপায়ুক্ত, জিলা যুটীয়া স্বাস্থ্য সঞ্চালকসকল, চিকিত্সা মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকল আদিক এই সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু শিক্ষা বিভাগক সাধাৰণ লোকক নাভাইৰাছ সম্পৰ্কে শিক্ষা আৰু তথ্য যোগান তথা সাধাৰণ লোকৰ সৈতে যোগাযোগ ধৰি ৰাখিবলৈ স্বাস্থ্য বিভাগে নিৰ্দেশ জাৰি কৰিছে। ইতিমধ্যে সজাগতামূলক কাৰ্যসূচীৰ অংশৰূপে ৭৩ খন গ্ৰাম সভা অনুষ্ঠিত কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।তেওঁ লগতে কয় যে যোৱা ১৫ জানুৱাৰীৰ পৰা অসমলৈ চীনৰ পৰা অহা ৫৫জন ব্যক্তিৰ স্বাস্থ্য পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হয়।ইয়াৰে ৪৫ জন ব্যক্তিৰ পৰ্যবেক্ষণৰ কাল যোৱা ২৪ ফেব্ৰুৱাৰীত অন্ত পৰে। তেতিয়ালৈকে তেওঁলোকক ২৮ দিন পৰ্যবেক্ষণত ৰখা হয় বুলি মন্ত্ৰীজনে সদৰী কৰে। মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি আনকেইজন ব্যক্তিক নিজ ঘৰতে আছুতীয়াকৈ ৰাখি পৰ্যবেক্ষণ কৰি থকা হৈছে। আনহাতে, নাভাইৰাছত আক্ৰান্ত হোৱাৰ কিছু লক্ষণ ফুটি উঠা দুজন ব্যক্তিক গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : ইটালীৰ আৰু ১৫জন পৰ্যটক ক’ৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ

ভিডিঅ প্ৰতক্ষ্য কৰক: House maid arrested for allegedly murdering elderly woman in Tinsukia

Next Story
চাকৰি