ক’ৰ’না ভাইৰাছৰ সংহাৰ প্ৰতিৰোধ: মঙলবাৰে নিশাৰ পৰা বন্ধ হ’ব দেশৰ ভিতৰতো বিমানৰ চলাচল

ক’ৰ’না ভাইৰাছৰ সংহাৰ প্ৰতিৰোধ: মঙলবাৰে নিশাৰ পৰা বন্ধ হ’ব দেশৰ ভিতৰতো বিমানৰ চলাচল

ক’ৰ’না ভাইৰাছৰ সংহাৰ প্ৰতিৰোধ: মঙলবাৰে নিশাৰ পৰা বন্ধ হ’ব দেশৰ ভিতৰতো বিমানৰ চলাচল

প্ৰায় বিশ্বজুৰি ক’ৰ’না ভাইৰাছে চলোৱা সংহাৰ ৰোধৰ উদ্দেশ্য ভাৰতৰ ভিতৰতে চলাচল কৰা বিমানৰ চলাচলো বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ মঙলবাৰে মাজনিশাৰ পৰা দেশৰ ভিতৰত চলাচল কৰা বিমানসমূহৰ যাত্ৰাও বন্ধ হ’ব ৷ অৰ্থাৎ কাইলৈৰ পৰা দেশৰ ভিতৰতো বিমান চলাচল বন্ধ হ’ব ৷ প্ৰাৰম্ভিক অৱস্থাত অহা ৩১মাৰ্চলৈকে এই বিমানসেৱা বন্ধ থাকিব ৷ এই কথা সদৰী কৰি দেশৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি দেশৰ ভিতৰত চলাচল কৰি থকা বিমানসমূহে মঙলবাৰে নিশা ১১-৫৯বজাৰ ভিতৰত লক্ষ্যস্থানত উপস্থিত হ’ব লাগিব ৷ ইতিমধ্যে চৰকাৰে আন্তঃৰাজ্যিক বিমানৰ চলাচল বাতিল কৰিছে।

লক্ষ্যণীয় যে ইতিমধ্যে ভাৰতীয় ৰেলৱেই অহা ৩১মাৰ্চলৈকে সকলো যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ কৰিছে ৷ অৱশ্যে মালবাহী ৰেলসমূহে চলাচল কৰি থাকিব ৷ ইতিমধ্যে অসম চৰকাৰে ক’ৰ’না ভাইৰাছৰ সম্ভাব্য সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্য অসম চৰকাৰে আন্তঃৰাজ্যিক যাত্ৰীবাহী যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ অসম চৰকাৰে এই মহামাৰীৰ প্ৰকোপ নিয়ন্ত্ৰণ কৰিবলৈ অহা ৩১ মাৰ্চলৈ অসমৰ পৰা আৰু অসমলৈ অন্য ৰাজ্য চলাচল কৰা সকলো যাত্ৰীবাহী যান-বাহন চলাচলত নিষেধাজ্ঞ‌ আৰোপ কৰিছে।

দেওবাৰে ৰাজ্যৰ পৰিবহণ বিভাগৰ দ্বাৰা জাৰি কৰা এক অধিসূচনা অনুসৰি আন্তঃৰাজ্যিক যাত্ৰীবাহী পৰিবহণ ব্যৱস্থা তথা এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ চলাচল কৰা যাত্ৰীবাহী বাহনসমূহ এই মহামাহী বিয়পি পৰাৰ অন্যতম মূল কাৰণ ৷ সেয়েহে অসমলৈ অন্য ৰাজ্যৰ পৰা অহা আৰু অসমৰ পৰা আন ৰাজ্যলৈ যোৱা সকলো যাত্ৰীবাহী যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । অহা ৩১মাৰ্চলৈ এই নিষেধাজ্ঞা বলবত থাকিব ৷

ভিডিঅ প্ৰতক্ষ্য কৰক: Sale of vitamins and other nutritional products rise due to coronavirus scare

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com