Begin typing your search above and press return to search.

ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড তাপঃ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ

ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড তাপঃ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Aug 2019 8:30 AM GMT

ৰাজ্যত সম্প্ৰতি প্ৰচণ্ড তাপ ৷ তীব্ৰ গৰমে ৰাজ্যবাসীৰ টোপনি হৰিছে ৷ কিন্তু অনাগত দিনত ৰাজ্যৰ বাসীয়ে এই তীব্ৰ তাপৰ মাত্ৰা সহ্য কৰিব লাগিব ৷ কাৰণ,আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা তথ্য অনুযায়ী অনাগত দিনত বৰষুণ অহাৰ সম্ভাৱনা সীমিত ৷ ইফালে বুধবাৰে মহানগৰীত তাপ মাত্ৰা বৃদ্ধি হয় ৩৯.২ ডিগ্ৰী চেলচিয়াছ ৷

বৃহস্পতিবাৰে এই তাপ মাত্ৰা হয়গৈ ৩৬.২ ডিগ্ৰী চেলছিয়াছ ৷ গতিকে ৰাজ্য বাসীক সকাহ দিবৰ কাৰণে বৰষুণ অহাৰ সম্ভাৱনা একেবাৰে সীমিত ৷ইফালে বতাহ আৰু সেমেকা বতৰৰ মিশ্ৰণেৰে যি বতৰ ডাৱৰীয়া হোৱা পৰিবেশ সততে দেখা যায় ৷সেয়া বিগত কিছু দিনৰ পৰা উত্তৰ পূবত সম্পূৰ্ণ ৰূপে দেখিবলৈ পোৱা নাই। যাৰ কাৰণে দিনত ১২ ঘন্টাই গৰমে দহি থাকে ৰাজ্যবাসীক ৷

ইফালে উত্তৰ পূবত দেওবাৰলৈকে এনেধৰণৰ পৰিস্থিতি অব্যাহত থাকিব ৷বতৰ বিজ্ঞান কেন্দ্ৰৰ এজন জেষ্ঠ্য বৈজ্ঞানিক অতুল সিঙে বৃহস্পতিবাৰে বিয়লি কয় যে পৃথক পৃথক স্থানত বৰষুণ হোৱাৰ সম্ভৱনা আছে ৷ বুধবাৰে গুৱাহাটীত ৩৯.২ ডিগ্ৰী চেলচিয়াজ অতিক্ৰম কৰে ৷ এই তাপমান আছিল চলিত বছৰৰ লগতে আগষ্ট মাহৰ সকলোতকৈ অধিক তাপমান ৷ ইফালে ১৯৪০ চনত সকলোতকৈ অধিক ৪০.৩ ডিগ্ৰী চেলছিয়াছ তাপমান হয় ৷

২০১৫ চনৰ ২৫ আগষ্টত সকলোতকৈ অধিক তাপমান ৩৮.৪ ডিগ্ৰী চেলচিয়াছ হয় ৷ আনহাতে ৰাজ্যৰ জনসাধাৰণক প্ৰচণ্ড তাপ দহাৰ লগতে বিদ্যুতৰ লুকাভাকুৱে হাৰাশাস্তিৰ সন্মুখীন কৰোৱাইছে। ভঙাগড়ৰ নিবাসী শচীন বৰাই কয় যে আমি ঘৰৰ ভিতৰত থাকি গৰম সহ্য কৰিব পাৰোঁ ৷কিন্তু একেৰাহে বিদ্যুতৰ লুকাভাকুৱে আমাক জীৱন অসহনীয় কৰি তুলিছে ৷

চলিত বৰ্ষত তাপৰ প্ৰকোপ বৃদ্ধি হৈছে ৷গুৱাহাটীত এনেধৰণৰ গৰম আৰু জলবায়ু পৰিৱৰ্তন পূৰ্বে অনুভৱ কৰা নাই ৷এই মন্তব্য ভূগোলৰ এজন শিক্ষক আমজদ আলীৰ ৷ উল্লেখ্য যে ৰাজ্য বাসীক সকাহ দি বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰৰ পিছত বৰষুণৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে ৷ যি কি নহওঁক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই তথ্যৰ পিছত অলপ হলেও সকাহ পাইছে ৰাজ্যবাসীয়ে ৷

অধিক খবৰৰ বাবে পঢ়ক: অসমৰ চাহলৈ বিশেষজ্ঞসকলৰ ভয়ংকৰ আগজাননী: প্ৰতিকূল বতৰে প্ৰভাৱ পেলাব চাহ উৎপাদনত

ভিডিঅ প্ৰতক্ষ্য কৰক: Four Suspected ULFA(I) linkmen Apprehended by Dibrugarh Police

Next Story
চাকৰি