শংকিত নহ'ব! প্ৰত্যাহাৰ নহয় ৩৭১ অনুচ্ছেদ, অভয়বাণী শ্বাহৰ,অৰুণাচলত হ'ব আই আই টি

শংকিত নহ'ব! প্ৰত্যাহাৰ নহয় ৩৭১ অনুচ্ছেদ, অভয়বাণী শ্বাহৰ,অৰুণাচলত হ'ব আই আই টি

শংকিত নহ'ব! প্ৰত্যাহাৰ নহয় ৩৭১ অনুচ্ছেদ, অভয়বাণী শ্বাহৰ,অৰুণাচলত হ'ব আই আই টি । উত্তৰ-পূৰ একাংশ ৰাজ্যক বিশেষ ক্ষমতা প্ৰদান কৰা সংবিধানৰ ৩৭১ অনুচ্ছেদ প্ৰত্যাহাৰৰ কোনো আঁচনি কেন্দ্ৰৰ নাই। নাগৰিকত্ব(সংশোধনী) আইনকেন্দ্ৰিক বিতৰ্ক তথা জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰক লৈ উত্তৰ-পূবৰ কেতবোৰ ৰাজ্যৰ লোকৰ মনত সৃষ্ট সংশয় দূৰ কৰাৰ চেষ্টা কৰি এই অভয়বাণী শুনাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

কালি ইটানগৰত অৰুণাচল প্ৰদেশৰ ৩৪ সংখ্যক ৰাজ্য দিৱস উপলক্ষ্যে আযোজিত এক অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছত ৩৭১ অনুচ্ছেদো প্ৰত্যাহাৰ কৰা হব বুলি অনেক ভুল আৰু বিভ্ৰান্তিকৰ খবৰ বিয়পি পৰিছে। কিন্তু কোনো কাৰণতে ৩৭১ অনুচ্ছেদ প্ৰত্যাহাৰ কৰা নহয় বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে।এনে ভুৱা প্ৰচাৰত শংকিত নহবলৈ আহ্বান জনাই তেওঁ লগতে কয়, " উত্তৰ-পূবৰ পৰম্পৰা আৰু একক সংস্কৃতিক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কেন্দ্ৰৰ এন ডি এ চৰকাৰ অংগীকাৰৱদ্ধ। ২০১৪লৈকে উত্তৰ-পূব ভৌগোলিকভাৱেহে কেৱল দেশৰ আনখণ্ডৰ সৈতে সংলগ্ন আছিল। কিন্তু এন ডি এ ক্ষমতালৈ অহাৰ পাছত সঁচা অৰ্থত সংলগ্নীকৰণৰ কাম আৰম্ভ হল।প্ৰধানমমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একত্ৰীকৰণৰ কাম আৰম্ভ কৰিলে। বিগত পাঁচ বছৰত কেন্দ্ৰীয় মন্ত্ৰীসকলে দুশৰো অধিকবাৰ উত্তৰ-পূব ভ্ৰমণ কৰিলে। আনকি বিগত এইকেইবছৰত প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই ৩০বাৰ উত্তৰ-পূব ভ্ৰমণ কৰিলে।" সুকীয়া সংস্কৃতি আৰু পৰম্পৰাৰ বাবে উত্তৰ—পূবে দেশত এক সুকীয়া স্থান দখল কৰি আছে বুলিও শ্বাহে উল্লেখ কৰে।

উত্তৰ-পূবৰ উন্নয়ন অবিহনে দেশত কোনো সাংস্কৃতিক সমন্বয় সম্ভৱ নহয় বুলি মন্তবা কৰি তেওঁ আৰু কয়, " উগ্ৰপন্থা আৰু আন্তঃৰাজ্যিক সংঘাতকে ধৰি উত্তৰ-পূব সকলো ধৰণৰ সমস্যাৰ পৰা মুক্ত হোৱাটো মোদী চৰকাৰে বিচাৰে। লগতে ড্ৰাগছৰ বিভীষিকা নাশ হোৱা, আইন-শৃংখলা উন্নত হোৱাটো বিচাৰে চৰকাৰে। ২০২৪ৰ নিৰ্বাচনলৈ উত্তৰ-পূব সকলো সমস্যাৰ পৰা মুক্ত হব "। ভাষণত তেওঁ অলপতে স্বাক্ষৰিত বড়ো শান্তি চুক্তিৰ প্ৰসংগও উনুকীয়ায় কয় যে মোদী চৰকাৰে উত্তৰ-পূবৰ উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে আলোচনা প্ৰক্ৰিয়াও আৰম্ভ কৰিছে । উত্তৰ-পূবৰ উন্নয়নত মোদী চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰা বুলি দাবী কৰি গৃহমন্ত্ৰী শ্বাহে পুনৰ কয়, " পূৰ্বে এই অঞ্চলৰ ৰাজ্যসমূহৰ উন্নয়নৰ বাবে তেনেই নগন্য পৰিমাণত বাৰ্ষিক ৮৩হেজাৰ কোটি টকাহে কেন্দ্ৰই আৱণ্টন দিছিল। কিন্তু ইয়াৰ পৰিমাণ মোদী চৰকাৰে বাজেটত ৩.১৩,৩৭৫টকালৈ বৃদ্ধি কৰিছে।উত্তৰ-পূব পৰিষদ (এন ই চি)ৰ অধীনত সৰ্বমুঠ ৪৭৪টা নতুন প্ৰকল্প হাতত লোৱা হৈছে। তদুপৰি উত্তৰ-পূবত ৩২হেজাৰ কোটি টকাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প হাতত লোৱা হৈছে। ২০২৪ৰ ভিতৰত এই ৰাজ্যসমূহৰ আটাইকেইখনলৈ বিমান চলাচল সম্ভৱ কৰি তোলা হব " । শ্বাহে আঙুলিয়াই দিয়ে যে বিগত পাঁচ বছৰত অৰুণাচল প্ৰদেশলৈ পথ নিৰ্মাণৰ বাবে ৫০ হোজাৰ কোটি টকা কেন্দ্ৰই অনুমোদন দিছে। ইয়াৰ জড়িয়তে ৰাজ্যখনলৈ পূৰ্বে ২৫ বছৰত পথ নিৰ্মাণৰ বাবে আৱণ্টন জনোৱা ৪৫ হোজাৰ কোটি টকাৰ অভিলেখ ভংগ কৰা হৈছে বুলি তেওঁ মতপোষণ কৰে।

অৰুণাচল প্ৰদেশত এখন আই আই টি নিৰ্মাণৰো প্ৰতিশ্ৰুতি দি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয়, " ৪০০কোটি টকা ব্যয় সাপেক্ষে ইয়াত এখন আই আই টি স্থাপনৰ বিষয়ে চিন্তা-চৰ্চা কৰি থকা হৈছে। তদুপৰি দুহেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ অৰুণাচল প্ৰদেশ সীমান্ত ঘাইপথ নিৰ্মাণৰ অভিলাষী আঁচনি আৰু ৰাজ্যখনত নতুন তিনিটা ৰেলপথ নিৰ্মাণৰ বাবে জৰীপৰ কাম হাতত লোৱা হৈছে" । ভাষণত তেওঁ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উন্নয়নমূলক কাম-কাজক প্ৰশংসা কৰে।

ভিডিঅ প্ৰতক্ষ্য কৰক : AJYCP members form human chain across Assam to protest against CAA 2019

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com