ন’ পাৰ্কিং সমস্যা সাধাৰণ ঘটনালৈ পৰিণত গুৱাহাটীত

ন’ পাৰ্কিং সমস্যা সাধাৰণ ঘটনালৈ পৰিণত গুৱাহাটীত

গুৱাহাটীত যান বাহনৰ সমস্যাই জনসাধাৰণক হাৰাশাস্তি কৰাটো নতুন কথা নহয় ।বিভিন্নলোকে ন’ পাৰ্কিং স্থানত গাড়ী ৰখাই যান বাহনৰ নিয়ম উলংঘন কৰাটো যেন সম্প্ৰতি সাধাৰণ কথালৈ পৰিণত হৈছে ৷ আশ্চৰ্য্যজনক কথা এয়ে যে বিলাসী বাহনৰ গৰাকী, কিছুসংখ্যক লোকে গাড়ী ৰখোৱা ঠাইত নিজৰ বাহন নাৰাখি ন’পাৰ্কিং স্থানত বাহন ৰাখে ৷ এনেধৰণে অনিয়ন্ত্ৰিত ভাৱে য’তে ত’তে ৰাখি লোকসকলে যান বাহনৰ চলাচলৰ ক্ষেত্ৰত অৰাজকতাৰ সৃষ্টি কৰে ৷

কিছু সময়ত দেখা যায় যে বাহন সমূহক পথৰ দুয়ো কাষে ৰখাই থোৱা হয় ৷ যাৰ দ্বাৰা অন্যান্য যান বাহনৰ চলাচলৰ উপৰিও জনসাধাৰণৰো যথেষ্ট অসুবিধা হয়। ইফালে উলুবাৰী,ভঙাগড়,গণেশগুৰি আৰু ছয় মাইলত কিছুমান পাৰ্কিং স্থান আছে ৷ য’ত বাহনসমূহ ৰখালে ১০ টকাকৈ মূল্য দিব লগা হয় ৷

ইফালে যান বাহনৰ নীতি নিয়ম উলংঘণ কৰি, য’তে ত’তে বাহন ৰখোৱা লোকসকলে কৃপনালী নকৰাকৈ ৩০০-৫০০ টকা জৰিমনা দিয়ে ৷ তেওঁলোকে এই ক্ষেত্ৰত কোনো অনুশোচনা ব্যক্ত নকৰে ৷ অন্যহাতে আৰ জি বৰুৱা ৰোড,গুৱাহাটীৰ জি এচ ৰোড,এম জি ৰোড আৰু অন্যান্য পথসমূহত ন’ পাকিং সমস্যাই দেখা দিছে ৷ন’ পাৰ্কিং ক্ষেত্ৰত থকা এজন যান বাহন নিয়ন্ত্ৰণ কৰা আৰক্ষীৰ মত অনুসৰি আমি পুৱা ৭ বজাৰ পৰা কৰ্মত ব্যস্ত থাকোঁ ৷প্ৰত্যেক দিনেই ন’ পাৰ্কিং স্থানত গাড়ী ৰখাই প্ৰায় ৭ হাজাৰতকৈও অধিক টকা জৰিমনা হিছাপে গ্ৰহণ কৰা হয় ।

উল্লেখ্য যে গুৱাহাটীত যান বাহনৰ ব্যৱস্থা সুচল কৰিবৰ কাৰণে কামৰূপ পৰিবহন বিভাগে চিটী বাছৰ কাৰণে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে ৷ নতুন নীতি নিৰ্দেশনাৰ জৰিয়তে মহানগৰীত যান বাহনে সৃষ্টি কৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত আৰু চিটী বাছসমূহৰ চলাচল সুচল হোৱাত সহায় কৰিব ৷ ইফালে যান বাহন বিভাগৰ ডি চি পি প্ৰশান্ত শইকীয়াৰ মত অনুসৰি চিটী বাছৰ কমিটীয়ে নতুন নীতি নিৰ্দেশনাসমূহ তৈয়াৰ কৰিছে।

লগতে প্ৰশান্ত শইকীয়াই কয় যে বেছিভাগ চিটী বাছ জি এছ,এম জি আৰু আৰ জি বৰুৱা পথদি চলাচল কৰে ৷ আৰু এই পথটোত তীব্ৰ যান বাহনৰ সমস্যাই দেখা দিয়ে ৷ ইয়াৰ বিপৰীতে কিছুমান পথেদি কেতিয়াও যান বাহন চলাচল নকৰে। অন্যহাতে দ্য চেন্টিনেলৰ সন্মুখত প্ৰশান্ত শইকীয়া কয় যে ১৫ -২০ বছৰৰ পূৰ্বে চিটী বাছসমূহ সময়মতে চলাচল কৰিছিল। কিন্তু সাম্প্ৰতিক সময়ত ইয়াৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা যায়। চিটী বাছসমূহে য’তে ত’তে ৰৈ যাত্ৰী সকলক উঠাই আনে ৷

লগতে যাত্ৰীসকলেও বাছ আস্থানত নৰখি য’তে ত’তে বাছসমূহ ৰখাই ৷ যাৰ ফলত যান বাহন চলাচল কৰাত অৰাজকতাই দেখা দিয়ে ৷ গতিকে চিটী বাচসমূহৰ সমগ্ৰ প্ৰণালীটোৱেই পৰিৱৰ্তন কৰিব লাগিব। উল্লেখ্য যে ট্ৰেফিক পেট্ৰ’ল ভানে মহানগৰীত যাতায়তৰ ব্যৱস্থা সুচল কৰিব কাৰণে তীক্ষ্ণ দৃষ্টি ৰাখিব ৷পূৰ্বতে যান বাহনৰ নিয়ম উলংঘাকাৰী সকলৰ কাৰণে মহানগৰীত যাত্ৰীয়ে বহু অসুবিধাৰ সন্মুখীন হৈছে ৷ কিন্তু সম্প্ৰতি, যান বাহনৰ নীতি নিৰ্দেশনা উলংঘাকাৰীসকলৰ ক্ষেত্ৰত বিহীত ব্যৱস্থা লোৱা হ’ব ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com