Begin typing your search above and press return to search.

AN-32 বিমানৰ সকলো বৈমানিক নিহত, ৭ টা মৃতদেহ উদ্ধাৰ: ভাৰতীয় বায়ু সেনা

AN-32 বিমানৰ সকলো  বৈমানিক নিহত,  ৭ টা মৃতদেহ উদ্ধাৰ: ভাৰতীয় বায়ু সেনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Jun 2019 7:58 AM GMT

ভাৰতীয় বায়ু সেনায়ে বৃহস্পতি বাৰে প্ৰকাশ কৰে যে AN-32 বিমানৰ সকলো লোকে নিহত হৈছে । ৩ জুনৰ যোৰহাটৰ পৰা উৰা মৰা বিমান খনৰ ধ্বংসাৱশেষ অৰুণাচল প্ৰদেশত লাভ কৰিছিল । এই সমগ্ৰ ঘটনাৰ অনুসন্ধান অব্যাহত ৰখা হৈছে বুলি ভাৰতীয় বায়ু সেনায়ে প্ৰকাশ কৰিছে ।

এই মৰ্মান্তিক বিমান দুৰ্ঘটনাত নিহত হৈছে ৬ বিষয়াৰ ভিতৰত উইং কামাণ্ডাৰ জি এম চাৰ্লছ, এইচ বিনোদ, মহিত গাৰ্গ, সুমিত মহানতি, আশীষ তিৱাৰী, আৰু ৰাজেশ থাপ্পা। আনহাতে ৭ জন লোকৰ ভিতৰত আছিল অনুপ, শ্বাৰিন, কে কে মিশ্ৰা, পংকজ চাংৱান, এচ কে সিঙ, ৰাজেশ কুমাৰ আৰু পোতালি ।

ভাৰতীয় বায়ু সেনায়ে নিশ্চিত কৰিছিল যে বিমান খনৰ ধ্বংসাৱশেষ লিপুৰ উত্তৰৰ ১৬ কিলোমিটাৰ নিলগত, টাটো উত্তৰ পূৰ্বাঞ্চলৰ ১২,০০০ ফিট উচ্চ টিলাত ধ্বংসাৱশেষ দেখিবলৈ পোৱা গৈছে । এই অঞ্চলটোত Mi-17 হেলিকপ্টাৰৰ যোগেদি অভিযানৰ সময়তে উদ্ধাৰ কৰিছিল ধ্বংসাৱশেষ বিমান খন । বুধবাৰে ভাৰতীয় বায়ু সেনাৰ এটা দল উপস্থিত হৈছিল বিমান দুৰ্ঘটনা হোৱা স্থানত । এই দলটোত আছিল ৯ জন ভাৰতীয় বায়ু সেনাৰ ব্যক্তি আৰু ৪ জন সেনাৰ বিশেষ শাখাৰ ব্যক্তি আৰু দুখন স্থানীয় পৰ্বত আৰোহীক আছিল এই দলটোত ।

স্থানত বিমান খনত থকা বৈমানিক সকলৰ দেহ ক্ষত-বিক্ষত অবস্থাত পোৱা গৈছে বুলি প্ৰকাশ কৰে । ৭ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে বৰ্তমানলৈকে বুলি প্ৰকাশ কৰে ।

৩ জুনৰ পৰা সন্ধানহীন হৈ থকা ভাৰতীয় বায়ু সেনাৰ বিমান AN-32 ৰ অবশেষত সন্ধান লাভ কৰা হৈছে । ৮ দিনৰ পাছত সন্ধান লাভ কৰিছিল বিমান খনৰ ।৩ জুন তাৰিখে AN-32 বিমান খন যোৰহাট বিমানবন্দৰৰ পৰা উৰা মাৰিছিল অৰুণাচল প্ৰদেশৰ মাচুকাৰ এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডলৈ । বিমান খন সন্ধানহীন হোৱাৰ পাছতে ভাৰতীয় বায়ু সেনা বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল ।ৰাছিয়াৰ অৰিজিন AN-32 বিমান খনে ১২.২৭ বজাত অসমৰ যোৰহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মাচুকাৰ এডভাঞ্চ লেণ্ডিং গ্ৰাউণ্ডলৈ উৰা মাৰিছিল । কিন্তু উৰনৰ কিছু সময়ৰ পাছতে ১.৩০ বজাত বিমান খনৰ লগত যোগাযোগ বিচ্ছিন্ন হয় ।বিমান খনৰ উদ্ধাৰ অভিযানত বিভিন্ন এজেঞ্চীৰ লগতে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ চমুকৈ ISRO য়ে উপগ্ৰহৰ জৰিয়তে অভিযান চলাছিল ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি