Begin typing your search above and press return to search.

ৰাজ্যত চলিত চৰকাৰৰ দিনত কোনো চিণ্ডিকেট নাইঃ চন্দ্ৰমোহন পাটোৱাৰী

ৰাজ্যত চলিত চৰকাৰৰ দিনত কোনো চিণ্ডিকেট নাইঃ চন্দ্ৰমোহন পাটোৱাৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Jun 2019 8:18 AM GMT

ৰাজ্যত চলিত চৰকাৰৰ দিনত কোনো চিণ্ডিকেট নাই এই মন্তব্য চন্দ্ৰমোহন পাটোৱাৰীৰ ৷ ইফালে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসমৰ ছিণ্ডিকেটৰ সন্দৰ্ভত চিবিআইক তদন্ত কৰিবলৈ এখন পত্ৰ প্ৰেৰণ কৰে। মুখ্যমন্ত্ৰী সোনোৱালে তদন্তৰ কাৰণে চিআইডিকো নিৰ্দেশ দিয়ে । ইফালে বিজেপি চৰকাৰৰ দিনত বৰ্তমান ৰাজ্যত কোনো ক্ষেত্ৰতে কোনোধৰণৰ ছিণ্ডিকেট চলা নাই এই মন্তব্য কৰে উদ্যোগ তথা পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ৷

মুখ্যমন্ত্ৰী সোনোৱালৰ আইনী উপদেষ্টা শান্তনু ভৰালী আৰু মিডিয়া উপদেষ্টা হৃষিকেশ গোস্বামীৰ উপস্থিতিত সোমবাৰে এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে চি বি আইক এখন পত্ৰ লিখাৰ উপৰিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে চিণ্ডিকেটৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবৰ কাৰণে এখন উচ্চ স্তৰীয় সমিতি গঠন কৰে ৷

অন্যহাতে চলিত মাহত বহিঃৰাজ্যলৈ পঠোৱা প্ৰায় ৪০০ গৰুক উদ্ধাৰ কৰা হয় ৷ আৰু এই সন্দৰ্ভত ৫৫ জন লোক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ২০১৮ আৰু ২০১৯ বৰ্ষত ৩০০ তকৈ অধিক কয়লাৰ ট্ৰাক জব্দ কৰা হয় । য’ত গ্ৰেপ্তাৰ হয় প্ৰায় ১০০ লোক ৷ ইফালে চন্দ্ৰ মোহন পাটোৱাৰীয়ে নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈক কটাক্ষ কৰে। নগাঁৱৰ সাংসদ দেওবাৰে তিনিচুকীয়াত অভিযোগ কৰিছিল যে মাৰ্ঘেৰিটা কয়লা চিণ্ডিকেট এতিয়াও চলি আছে। আৰু এই ছিণ্ডিকেটক নিয়ন্ত্ৰণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

গতিকে প্ৰদ্যুৎ বৰদলৈক কটাক্ষ কৰি পাটোৱাৰীয়ে কয় যে এই অভিযোগ সম্পূৰ্ণ কাল্পনিক ৷ চলিত চৰকাৰৰ দিনত কোনো চিণ্ডিকেট নাই। বিগত চৰকাৰৰ দিনত প্ৰদ্যুত বৰদলৈ মাৰ্ঘেৰিটা সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৷ প্ৰদ্যুৎ বৰদলৈ নিজে একালত বন বিভাগৰ আৰু উদ্যোগ বিভাগৰ দায়িত্ব আছিল৷ আৰু সেই সময়ত মাৰ্ঘেৰিটাত কয়লা চিণ্ডিকেট কিয় দেখা নাছিল বুলি প্ৰশ্ন কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে। চিণ্ডিকেট ৰাজ মূলতঃ কংগ্ৰেজৰ সংস্কৃতি ৷

চলিত চৰকাৰৰ ইয়াত কোনো অংশ নাই ৷ কংগ্ৰেছৰ আমোলত চলি থকা ১৫০ খন অবৈধ চেকগেট মুখ্যমন্ত্ৰী সোনোৱালে প্ৰথমখন কেবিনেটত উঠাই দিয়াৰ ব্যৱস্থা কৰে। যেতিয়া প্ৰদ্যুৎ বৰদলৈ বিদ্যুতৰ মন্ত্ৰী আছিল তেতিয়া ৰাজ্যত প্ৰায় ৫০,০০০ বাঁহৰ খুঁটাৰে বিদ্যুতৰ তাঁৰ সংযোগ কৰা হৈছিল। যেতিয়া বিজেপিযে মিত্ৰজোঁটৰ চৰকাৰ লৈ শাসনলৈ আহিল, তেতিয়া বাঁহৰ খুঁটা সমূহ ধ্বংস হ’ল। যাৰ কাৰণে বহুলোকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হ’ল ৷ ইয়াৰ কাৰণে দায়ী কোন হ’ব ? এই প্ৰশ্ন চন্দ্ৰমোহন পাটোৱাৰীৰ ৷

ইফালে কংগ্ৰেছ চৰকাৰৰ দিনত সমাজ কল্যান বিভাগৰ ৭ লাখ ভূৱা শিশুৰ নামত পুঁজি আত্মসাৎ কৰা হৈছিল ৷ আনহাতে দৰিদ্ৰৰ বিপৰীতে ধনীৰ নামত কংগ্ৰেছৰ দিনত থকা ৩.৫০ লাখ ৰেচন কাৰ্ড আমাৰ চৰকাৰে বাতিল কৰে। একেদৰে কংগ্ৰেছৰ দিনত ধনী লোকে পোৱা ৪.৫০ লাক জবকাৰ্ড আমাৰ চৰকাৰে বাতিল কৰি দৰিদ্ৰক দিছে ৷ এই মন্তব্য মন্ত্ৰী পাটোৱাৰীৰ৷ লগতে সাংসদ প্ৰদ্যুৎ বৰদলৈক সাহস আছে যদি এই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ কয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক: দিছপুৰৰ এক বিশেষ সিদ্ধান্ত: ছাত্ৰ ছাত্ৰীক শিকাব জাপানী ভাষা

Next Story
চাকৰি