মাত্ৰ ৩০ টকা বিচৰাৰ বাবে পত্নীক মাৰ-পিট কৰাৰ লগতে তিনি তালাক দিয়ে স্বামীয়ে

মাত্ৰ ৩০ টকা বিচৰাৰ বাবে পত্নীক মাৰ-পিট কৰাৰ লগতে তিনি তালাক দিয়ে স্বামীয়ে

এক অতি নিন্দনীয় ঘটনা সংঘটিত হৈছে নয়ডাত । এটা সৰু কথাতে পত্নীক মাৰ পিট কৰাৰ লগতে তিনি তালাক দিয়ে স্বামীয়ে । জাইনাব নামৰ ৩২ বছৰীয়া মহিলা গৰাকীয়ে স্বামীৰ পৰা পাছলি কিনিবলৈ ৩০ টকা বিচৰাৰ বাবে এই ঘটনা সংঘটিত হয় ।

জাইনাবে প্ৰকাশ কৰা মতে , তেওঁ স্বামী চাবিৰ পৰা মাত্ৰ ৩০ টকা বিচৰাৰ বাবে স্বামী আৰু তেওঁৰ পৰিয়ালৰ লোকে জাইনাবক মাৰ পিট কৰাৰ লগতে তিনি তালাক দিয়ে বুলি প্ৰকাশ কৰে । মহিলা গৰাকীয়ে স্বামীৰ সৈতে ৰাউজি মাৰ্কেটত বসবাস কৰে। মহিলা গৰাকীক স্ক্ৰো ড্ৰাইভাৰে মহিলা গৰাকীক আঘাত কৰে । "

জাইনাবৰ পিতৃ মুৰছালীময়ে কয় যে, " আমাৰ ঘৰৰ পৰা দিয়া গহনা সমূহ স্বামীক দিয়াত অমান্তি হৈছিল । তাৰ পাছতে স্বামীৰ পৰিয়ালে জাইনাবক মাৰ পিট আৰম্ভ কৰে । সেই সময়ত ওচৰ চুবুৰীয়া কোনো লোককে ভিতৰলৈ আহিবলৈ দিয়া নাছিল " বুলি কয় জাইনাবৰ পিতৃয়ে ।

জাইনাবৰ পিতৃয়ে লগতে প্ৰকাশ কৰে যে, শাহুৱেকে ঘটনাটোৰ সময়ত জাইনাবৰ কাণফুলী টানি লবলৈ চেষ্টা কৰিছিল । তেতিয়া এই কাণ্ডৰ প্ৰতিবাদ কৰাত স্বামীয়ে তিনি তালাক দিয়ে মহিলা গৰাকীক ।

পিতৃয়ে লগতে কয় যে, জাইনাব আৰু তেওঁৰ স্বামীৰ মাজৰ সম্পৰ্ক বিয়াৰ দিন ধৰি ভাল নাছিল । জাইনাব আৰু চাবিৰ বিয়া হোৱা ৯ বছৰ হল । তেওঁলোকৰ ৪ টা সন্তানো আছে। তেওঁ কয় যে, দুবছৰৰ পূৰ্বে চাবিৰে জাইনাবক মূৰতো আঘাত কৰিছিল । জাইনাবৰ শাহুৱেকে তাইক বেয়া ব্যৱহাৰ কৰে। "

পিতৃয়ে আন এটা ঘটনাৰ কথা উল্লেখ কৰি কয় যে, জাইনাবে বেমাৰৰ বাবে কেইদিনমান নিজৰ ঘৰত থাকিবলৈ অহাৰ পাছত, পুনৰ ওভতি যাওতে স্বামী আৰু স্বামীৰ পৰিয়ালে নিৰ্যাতন কৰে জাইনাবক । স্বামীয়ে লগতে কয় যে , তেওঁ জাইনাব পৰা বিবাহ বিচ্ছেদ বিচাৰে ।

জাইনাব নামৰ ৩২ বছৰীয়া মহিলা গৰাকীয়ে স্বামীৰ পৰা পাছলি কিনিবলৈ ৩০ টকা বিচৰাৰ বাবে এই ঘটনা সংঘটিত হৈছিল। এই ঘটনাত পত্নী জাইনাব গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয়| পিছত স্বামী চাবিৰৰ লগতে স্বামী পৰিয়ালৰ বিৰুদ্ধে গোচৰ তৰিছে জাইনাবৰ পৰিয়ালৰ লোকে । এই ঘটনায়ে দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে|

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com