চহৰ পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্যে উত্তৰ লক্ষীমপুৰ মিউনিচিপ্যাল বোৰ্ড ৰ নতুন পদক্ষেপ

চহৰ পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্যে উত্তৰ লক্ষীমপুৰ মিউনিচিপ্যাল বোৰ্ড ৰ নতুন পদক্ষেপ

চহৰ পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্যে উত্তৰ লক্ষীমপুৰ মিউনিচিপ্যাল বোৰ্ড ৰ নতুন পদক্ষেপ। উত্তৰ লক্ষীমপুৰ মিউনিচিপ্যাল বোৰ্ডে চহৰ খনৰ পৰিষ্কাৰ পৰিছন্নতাৰ বাবে ললে বহুতো নতুন পদক্ষেপ। পৌৰনিগমে সিদ্ধান্ত গ্ৰহণ কৰে যে, চহৰ অঞ্চলৰ নিবাসী সকলৰ ঘৰৰ পৰা সংগ্ৰহ কৰিব আৱৰ্জনা সমূহ। এই পদক্ষেপ প্ৰযোজ্যৰ অনুমতিৰ মৰ্মে স্হায়ী আৰু অস্হায়ী জাবৰ পেলোৱা পাত্ৰ দিয়া হ'ব লগতে ৰাস্তাত পেলনীয়া বস্তু ৰাস্তাত জাবৰ জোথৰ পেলোৱা নিষিদ্ধ কৰা হ'ব ।

চহৰত বাস কৰা পৰিয়াল সকলে উপদেশ দিয়ে যে , মিউনিচিপ্যাল কৰ্মচাৰী সকলে সংগ্ৰহ কৰিব লগীয়া পেলনীয়া বস্তু বোৰ জৈৱিক আৰু অজৈৱিক অৰ্থাৎ শুকান আৰু জুলীয়া দুটা ভাগ কৰি জাবৰ পেলাবলৈ দুটা বেলেগ বেলেগ পাত্ৰৰ ব্যৱস্থা কৰিবলৈ । সংগ্ৰহ কৰা পেলনীয়া প্লাষ্টিক সমূহ ব্যবহৃত হ'ব ৰাস্তা নিৰ্মাণ আৰু বৈজ্ঞানিক প্ৰক্ৰিয়াৰে উপযোগিতাৰ বাবে পৰিবৰ্তন কৰিব ।

এই সময়ছোৱাতে চহৰ খন চাহ চিকুনকৈ ৰখাৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ বাবে নুমলিগড় ৰিফেইনাৰী লিমিটেড (Numaligarh refinery limited) NLMB এ পাচ খন মিনি হাইড্ৰাউলিক ভেন প্ৰদান কৰে । এই ভেন কেইখনৰ উপযোগিতা এয়ে যে , এই ভেন কেইখনে অতি সহজে চুক কোন ও পৰিষ্কাৰ কৰিব পাৰিব ।

লগতে যিয়ে চহৰখন লেতেৰা কৰে তাৰ বাবে জৰিমনাৰ ব্যৱস্থা ও কৰিছে NLMB এ । যদি চহৰৰ কোনো লোকে চহৰ খনৰ পৰিষ্কাৰ ঠাইত পেলনীয়া বস্তু পেলায় তেতিয়া হ'লে উপযুক্ত পৰিমানৰ শাস্তি প্ৰদান কৰিব। তাৰোপৰি যদি কোনো লোকে চহৰখন লেতেৰা কৰা লোকৰ খবৰ আৰু ফটো তুলি দিয়ে তেতিয়া হ'লে তেওক পুৰষ্কৃত কৰা হ'ব । বাৰ্তা প্ৰেৰণ কৰা লোকজনৰ পৰিচয় সম্পূৰ্ণ গোপনকৈ ৰখা হ'ব ।

যদি ৰাজহুৱা স্হানত কোনোবাই যদি শৌচ প্ৰচাৱ কৰে তেতিয়া হ'লে ৫০০ আৰু ৰাজহুৱা স্হানত গা, কাপোৰ ধুলে ৩০০ টকা জৰিমনা বিহা হ'ব ।

আনহাতে, ৰাজহুৱা স্হানত পিকালে ২৫০ টকা , ব্যক্তিগত প্ৰতিষ্ঠানৰ বাবে ২০০, বানিজ্যিক প্ৰতিষ্ঠান ৰ বাবে ১০০০ টকা বিহাৰ ব্যৱস্থা কৰা হৈছে। তাৰোপৰি ২০০০ টকা জৰিমনা নিৰ্মাণ কাৰ্য চলি থকা ঠাই সমূহ লেতেৰাৰ বাবদ । তাৰোপৰি পুৰা বস্তু ৰ বাবে ২০০ আৰু ৭৫০ মাছ বিক্ৰেতা আৰু আন কচাই সকলৰ বাবে আৰু ঘৰৰ সন্মুখ পৰিষ্কাৰ নকৰাৰ বাবদ ৫০০ টকা জৰিমনা ভৰিব লাগিব ।এই জৰিমনা ২অক্টোবৰৰ পৰা প্ৰযোজ্য হ'ব।

ভিডিঅ প্ৰতক্ষ্য কৰক:Frozen Planet inaugurated in Guwahati | The Sentinel News | Assam News

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com