Begin typing your search above and press return to search.

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীৰ বাবে নতুন আবাস গৃহ

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীৰ বাবে নতুন আবাস গৃহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Jun 2019 12:52 PM GMT

উচ্চ শিক্ষাৰ বাবে নতুন দিল্লীলৈ যোৱা মেধাৱী ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সুখবৰ । জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে নতুন আবাস গৃহ নিৰ্মাণৰ পৰিকল্পনাৰ আচনি গ্ৰহণ কৰিছে নতুন চৰকাৰ খনে। ডনাৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীয়ে শেহতীয়াকৈ এই কথা প্ৰকাশ কৰিছে ।

উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ১০০ ৰো অধিক শিক্ষাৰ্থীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ লগতে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিব লৈ যায় । কিন্তু তেওঁলোকৰ সপোন পূৰণ কৰাত যথেষ্ট কষ্ট কৰিব লগা হয়। শিক্ষা গ্ৰহণ কৰাৰ সময়ত তেওঁৰ বহুতে থকাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হব লগা হয় ।

ৰিপোৰ্টৰ মতে নতুন আবাস গৃহটোত ২২৪ টা কোঠা থাকিব । এই ২২৪ টা কোঠাত ৪২৪ গৰাকী শিক্ষাৰ্থী থাকিব পাৰিব । আন ২৪ টা কোঠা বিশেষ ভাবে সক্ষম শিক্ষাৰ্থীৰ বাবে নিৰ্মাণ কৰা হব ।ছাত্ৰ আৰু ছাত্ৰীৰ বাবে সমান কোঠাৰ নিৰ্মাণ কৰা হব বুলি প্ৰকাশ কৰিছে । ছাত্ৰৰ আবাস গৃহটোত ২২৪ টা কোঠা থাকিব|

এই প্ৰকল্পটো ৰূপায়ণৰ বাবে ১১ কোটি টকা মুকলি কৰি দিয়া হৈছে বুলি প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীয়ে।

এই খবৰে নিশ্চিত ভাৱে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে সুখবৰ । জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ভাৰতৰ লগতে বিশ্বৰ এখন গুৰুত্বপূৰ্ণ শিক্ষা প্ৰতিষ্ঠান । বিভিন্ন ঠাইৰ পৰা শিক্ষা গ্ৰহণ কৰিব আহে ছাত্ৰ ছাত্ৰী সকল।যাৰ ফলত আবাস গৃহত অসুবিধা ৰ সৃষ্টি হয় ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি