উত্তৰ পূবত পথ দূৰ্ঘটনা: পথ দূৰ্ঘটনাৰ তালিকাত শীৰ্ষত অসম

উত্তৰ পূবত পথ দূৰ্ঘটনা: পথ দূৰ্ঘটনাৰ তালিকাত শীৰ্ষত অসম

মহানগৰীত যান বাহনসমূহ কিমান সুৰক্ষিত? এই সন্দৰ্ভত শেহতীয়া পোহৰলৈ আহিছে এক বিশেষ তথ্য ৷ উত্তৰ পূব পথ দূৰ্ঘটনাত প্ৰথম স্থানত আছে ৷ আনহাতে পথ দুৰ্ঘটনাত উত্তৰ পূব সমগ্ৰ দেশৰ ভিতৰত ষোল্ল সংখ্যক স্থানত আছে। এক সমীক্ষা অনুসৰি ১৮ বৰ্ষতকৈ কম বয়সৰ পাঁচ শতাংশ লোকৰ পথ দুৰ্ঘটনাত হঠাতে মৃত্যু হয় ৷

ইয়াৰ বিপৰীতে ২৫ ৰ পৰা ৩৫ বছৰৰ ব্যক্তিৰ ৩০ শতাংশ লোকৰ মৃত্যু হৈছে,৩৫ আৰু ৪৫ বছৰীয়া লোকৰ ২৫ শতাংশ লোক আৰু ৪৫ ৰ পৰা ৬০ বয়সীয়া লোকৰ প্ৰায় দহ শতাংশ লোক আৰু ৬০ বছৰীয়া লোকৰ এক শতাংশ লোকৰ দূৰ্ঘটনাত হঠাতে মৃত্যু বৰণ কৰিছে ৷ বিভাগীয কৰ্তৃপক্ষৰ এক বিষয়াৰ অনুসৰি বাহন দ্ৰুত গতিত চলোৱা,বাহন চলোৱাৰ সময়ত ফোন ব্যৱহাৰ কৰা,আদি বিষয়সমূহৰ কাৰণে পথ দুৰ্ঘটনা হয় ৷

পথ দূৰ্ঘটনাত নিজৰ প্ৰাণ ত্যাগ কৰা লোকৰ ভিতৰত যুৱকৰ সংখ্যাৰ বেছি ৷ গতিকে দূৰ্ঘটনাৰ সংখ্যা সীমিত কৰিবৰ কাৰণে সমাজৰ সকলো লোক এই বিষয়টোৰ সন্দৰ্ভত গভীৰ ভাৱে চিন্তা কৰিব লাগে ৷

ভিডিঅ প্ৰতক্ষ্য কৰক:Digboi MLA Suren Phukan inaugurates houses under PM Awas Yojana- Gramin

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com