Begin typing your search above and press return to search.

আপুনি কেতিয়াবা শুনিছেনে নাকত দাঁত গজা? এজন ব্যক্তিৰ নাকত গজি উঠিল দাঁত

আপুনি কেতিয়াবা শুনিছেনে নাকত দাঁত গজা? এজন ব্যক্তিৰ নাকত গজি উঠিল দাঁত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Nov 2019 10:56 AM GMT

আপুনি কেতিয়াবা শুনিছেনে নাকত দাঁত গজা? এজন ব্যক্তিৰ নাকত গজি উঠিল দাঁত। কেতিয়াবা মানুহৰ শৰীৰত কিছুমান এনেকুৱা বেমাৰৰ লক্ষনে দেখা দিয়ে যিবোৰ শুনিলে সকলোৱে আচৰিত হ'ব । কিন্তু চীনত এজন‌ লোক এনেকুৱা এক আচৰিত ৰোগত আক্ৰান্ত হৈছে যিটো শুনিলে আপুনিও‌ হ'ব আচৰিত । চীনৰ জাহাং বিনচেং নামৰ ৩০ বছৰীয়া ব্যক্তি জনৰ নাকত গজি উঠিল দাঁত।

জানিব পৰা মতে জাহাংৰ কিছু দিনৰ পৰা নাকৰ সমস্যাত ভুগি আছিল। যাৰ ফলত উশাহ-নিশাহত কষ্ট হৈছিল জাহাঙৰ । অৱশেষত জাহেঙে চিকিৎসকৰ ওচৰত যায় আৰু চিকিৎসকৰ পৰামৰ্শ লয় । যেতিয়া চিকিৎসকে তেওঁৰ নাকৰ এক্স-ৰে কৰে তেতিয়া গম পাই যে জাহাঙৰ নাকৰ ভিতৰত কিবা সোমাই আছে । চিকিৎসকে জনোৱা অনুসৰি জাহাঙৰ নাকৰ ভিতৰত আছে এটি দাঁত , আৰু দাঁত বাঢ়ি অহাৰ ফলতেই বিষয় আক্ৰান্ত হৈছিল জাহাঙ।

চিকিৎসকে জনোৱা অনুসৰি কিবা দুৰ্ঘটনাৰ ফলত জাহাঙৰ নাকত দাঁত সুমাইছিল । তথ্য অনুসৰি জাহাঙৰ ১০ বছৰ বয়সত তেওঁ তৃতীয় মহলাৰ পৰা পৰিছিল । যাৰ ফলত তেওঁৰ দুটা দাঁত ভাগিছিল । লগতে গুৰুতৰ ভাৱে আহত হৈছিল জাহাং। কিন্তু সেই সময়ত ভঙা দাঁতৰ মাত্ৰ এটা টুকুৰাহে বিচাৰি পাইছিল । তেওঁৰ পৰিয়ালে বিশেষ গুৰুত্ব দিয়া নাছিল দাঁতৰ আন এটা টুকুৰা নোহোৱা হোৱাটো । দুৰ্ঘটনাত হেৰুওৱা এটা দাঁতৰ টুকুৰা আছিল জাহাঙৰ নাকত ।

চিকিৎসকৰ মতে সেই দুৰ্ঘটনাৰ সময়তে গম নোপোৱাকৈ জাহাঙৰ নাকত দাঁত সুমাই গৈছিল। এই ঘটনাৰ প্ৰায় ২০ বছৰ হ'ল । ২০ বছৰ ধৰি জাহাঙৰ নাকৰ ভিতৰত আছিল দাঁতটো । জাহাঙৰ নাকৰ পৰা উলিওৱা দাঁতটোৰ দৈৰ্ঘ্য ১ ছেন্টিমিটাৰ।

জানিব পৰা মতে দাঁতটো বাহিৰ কৰা পিছত জাহাঙে উশাহ নিশাহ লোৱাত কষ্ট পোৱা নাই । জাহাঙে জনোৱা অনুসৰি তেওঁৰ নাকৰ সমস্যা ইমানেই বাঢ়ি গৈছিল যে তেওঁ ৰাতি শুৱ পৰা নাছিল ।বিশেষজ্ঞই জনোৱা অনুসৰি চিকিৎসা পত্ৰিকাত ১৯৫৯ চনৰ পৰা ২০০৮ চনৰ ভিতৰত কেৱল মাত্ৰ ২৩ টা এনেধৰণৰ অবিশ্বাস্য ঘটনা উল্লেখ আছে।

অন্য খবৰৰ বাবে পঢ়ক: ভূতৰ আতংকত চিন্তিত একাংশ লোক, অৱশেষত আৰক্ষীৰ জালত পৰিল ভূত

ভিডিঅ প্ৰতক্ষ্য কৰক: India’s First PM Jawaharlal Nehru’s 130th Birth Anniversary observed

Next Story
চাকৰি