এন আৰ চি প্ৰক্ৰিয়াত বহুতো আসোঁৱাহ ৰৈ গৈছে: সচেতন নাগৰিক মঞ্চ

এন আৰ চি প্ৰক্ৰিয়াত বহুতো আসোঁৱাহ ৰৈ গৈছে: সচেতন নাগৰিক মঞ্চ

সিদ্ধিনাথ শৰ্মা ভৱনত সচেতন নাগৰিক মঞ্চ, অসমৰ উদ্যোগত শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশৰ দাবীত গন স্বাক্ষৰ অভিযানৰ শুভাৰম্ভ হয় ৷ অনুষ্ঠানত উপস্থিত থাকে এপিডব্লিঅৰ সভাপতি অভিজিৎ শৰ্মা, অগ্ৰদূত কাকতৰ সম্পাদক তথা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা,দয়ানন্দ পাঠক,জয়কান্ত শৰ্মা আদি ৷৩১ জুলাইত প্ৰকাশ পাব এন আৰ চিৰ চুৰান্ত খচৰা । ২০১৩ চনৰ পৰা চলা এন আৰ চিৰ পক্ৰিয়াত কিছু আসোঁৱাহ ৰৈ গৈছে বুলি প্ৰকাশ কৰে সচেতন নাগৰিক মঞ্চয়ে ।

অসমৰ বাবে বিশেষ ব্যৱস্থাৰে ২০০৩ ৰ এছ পি অ সকলৰ সংশোধন কৰি ২০০৯ ৰ এচ পি অ ৰ ঘৰলৈ গৈ নাম সন্নিবিষ্ট কৰাৰ পৰিবৰ্তে মুকলি আবেদনত জনোৱাত যি আবেদন আহিছিল সেই সমূহৰ কোনো বিজ্ঞান সন্মত ভাবে পৰীক্ষা কৰা নহল । যাৰ ফলতে বিদেশী নাগৰিকৰো আবেদন গৃহীত কৰা হ'ল ।

লগতে সচেতন নাগৰিক মঞ্চয়ে প্ৰকাশ কৰে যে যিবোৰ নথিপত্ৰ বিচৰা হৈছিল , ভাৰতীয় হোৱাৰ প্ৰমাণ পত্ৰ হিচাবে তাৰো সত্যাসত্য নিৰূপনৰ বাবে সঠিক ব্যবস্থা কৰা নহল ।

উল্লেখযোগ্য যে একে লিগেছি কোড একাধিক লোকে ব্যৱহাৰ কৰা দেখা গল আৰু বিশেষ অঞ্চললৈ চৰকাৰী বিষয়া, সুৰক্ষা কৰ্মী পঠিয়াব নোৱাৰি বুলি এন আৰ চিৰ কৰ্তৃপক্ষয়ে স্বীকাৰ কৰে । দক্ষিণ শালমাৰা, ধুবুৰী, যোৰহাটত ৬ % বিদেশী চিনাক্ত হোৱাটো অতি উদ্বেগজনক । উচ্চতম ন্যায়ালয়ে ১০ % পুনৰ নিৰীক্ষণৰ বাবে কৈছিল যদিও কাৰ্যকাৰী কৰা নহল বুলি প্ৰকাশ কৰে সচেতন নাগৰিক মঞ্চয়ে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com