বিসংগতিপূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক কেন্দ্ৰ কৰি প্ৰতিবাদত উত্তাল হৈ উঠিল বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়

বিসংগতিপূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক কেন্দ্ৰ কৰি প্ৰতিবাদত উত্তাল হৈ উঠিল বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়

বিসংগতিপূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক কেন্দ্ৰ কৰি প্ৰতিবাদত উত্তাল হৈ উঠিল বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয় ।ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বহু সময়ত বহুতো দল সংগঠনে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে ।

কপি উঠিল বিশ্বনাথৰ জিলা উপায়ুক্তৰ কাৰ্যালয় ।

বিসংগতি পূৰ্ন ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰোধিতা কৰি আকৌ সৰৱ হৈ উঠিল সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন । বিশ্বনাথৰ জিলা উপায়ুক্তৰ চৌহদত সংগঠনটোৰ হাজাৰ হাজাৰ লোকে বিসংগতিপূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

এই তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰা সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি দীপক দে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি কয় যে এয়া হিন্দু ধৰ্মৰ লোক সকলৰ বাবে কোনো ধৰনৰ সহায় নকৰে । নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা অসম চৰকাৰে হিন্দু ধৰ্মৰ লোকসকলে সকলক নিশেষ কৰাৰ চেষ্টা চলাইছে বুলি কয় সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি দীপক দে ।

তাৰোপৰি সংগঠনটোৰ সভাপতি জনে কয় যে সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰাই অসমৰ হিন্দু বঙালী লোক সকলৰ ধ্বংসৰ গৰাহলৈ গৈ আছে । চৰকাৰক প্ৰত্যাহ্বান জনাই সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি দীপক দে সাহস থাকিলে চৰকাৰক মুখামুখিকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে বিতৰ্ক কৰিবলৈ কয় ।

লগতে সংগঠনটোৱে কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী হিন্দু বঙালী লোক সকলৰ বাবে মৃত্যুৰ দলিল স্বৰূপ । লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা ১২ লাখ হিন্দু বঙালী লোকৰ নাম বাদ পৰাৰ কথা উল্লেখ কৰাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা হিন্দু বঙালী লোক সকলক বহিষ্কাৰ কৰা অসম চৰকাৰৰ ষড়যন্ত্ৰ বুলি কয় সংগঠনটোৱে । তাৰোপৰি হিন্দু বঙালী লোক সকলক ভাৰতীয় নাগৰিক‌ হিচাপে মৰ্যাদা দিয়াৰ দাবী কৰে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে ।

তাৰোপৰি সংগঠনটোৱে বিভিন্ন ধৰণৰ শ্ল'গান যেনে , " অসম চৰকাৰ‌ হায় হায় , গ' বেক , অসম চৰকাৰ‌ হুচিয়াৰ " আদি ধ্বনিৰে প্ৰতিবাদী কাৰ্যসূচী উত্তাল মুখৰ কৰি তোলে ।

উল্লেখযোগ্য যে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত বিশ্বনাথ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী , ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু ভাৰতৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

ভিডিঅ প্ৰতক্ষ্য কৰক:First ever Brahmaputra Sailing Expedition by NCC

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com