এন আৰ চি উন্নীতকৰণ: বায়মেট্ৰিকৰ সময়সীমা বৃদ্ধিৰ সম্ভাৱনা

এন আৰ চি উন্নীতকৰণ: বায়মেট্ৰিকৰ সময়সীমা বৃদ্ধিৰ সম্ভাৱনা
Published on

বায়মেট্ৰিক এনৰোলমেন্টৰ সময় সীমা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে । যি সকলে দাবী আৰু আপত্তিৰ শুনানিৰ বাবে আবেদন কৰিছিল তেওলোকৰ বায়মেট্ৰিক এনৰোলমেন্টৰ প্ৰকাশৰ সময় সীমা ১৫ জুলাইৰ পিছত প্ৰকাশ কৰিব পাৰে।

দাবী আৰু আপত্তিৰ শুনানিৰ গোচৰৰ ৮০ শতাংশ বায়মেট্ৰিক এনৰোলমেন্টৰ কাম ইতিমধ্যে সম্পুৰ্ণ হৈছে । ৰাজ্যিক গৃহ আৰু ৰাজনৈতিক বিভাগে জিলা উপায়ুক্তক ১৫ জুলাইৰ পূৰ্বে বায়মেট্ৰিক এনৰোলমেন্টৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল । বৰ্তমান বায়মেট্ৰিক এনৰোলমেন্টৰ প্ৰকাশৰ দিন পিছুৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাতে কোনো ব্যক্তিয়ে বাদ পৰি নাযায় ।

১৫ ফেব্ৰুৱাৰীৰ পৰা " দাবি আৰু আপত্তি " ৰ গোচৰ সমূহৰ শুনানি আৰম্ভ হৈছিল । বায়মেট্ৰিক এনৰোলমেন্টৰ কাম বিভিন্ন কাৰনত বাবে লেহেমীয়া গতিৰে চলিছে বুলি প্ৰকাশ কৰিছে । শেহতীয়াকৈ দিছপুৰে প্ৰকাশ কৰিছে যে, যিসকল আধাৰ কাৰ্ড আছে তেওলোক বায়মেট্ৰিক এনৰোলমেন্টৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত নহয় ।দাবী আৰু আপত্তিৰ শুনানিৰ গোচৰৰ ৮০ শতাংশ বায়মেট্ৰিক এনৰোলমেন্টৰ কাম ইতিমধ্যে সম্পুৰ্ণ হৈছে ।

৩০ জুলাইত প্ৰকাশ পাব লগা এন আৰ চিৰ সম্পূৰ্ণ খচৰাত ৪০.০৭ লাখ লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই । ২০১৮ চনত ৩.২৯ কোটি লোকে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ আবেদন কৰিছিল । সম্পূৰ্ণ খচৰা প্ৰকাশ কৰিছে কৰাৰ পূৰ্বে লোক সকলে নাম অন্তৰ্ভুক্তিৰ আবেদন কৰিব পাৰিব ।অভিযোগ আৰু আবেদনৰ প্ৰক্ৰিয়া চলি আছে। ৩৬.২ লোকে আবেদন কৰিছে যত ইতিমধ্যে ২ লাখ লোকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com