আজি নীলোৎপল আৰু অভিজিৎ হত্যাকাণ্ডৰ এবছৰ: আজিও শাস্তি নাপালে দোষীয়ে

আজি নীলোৎপল আৰু অভিজিৎ হত্যাকাণ্ডৰ এবছৰ: আজিও শাস্তি  নাপালে দোষীয়ে
Published on

আজি সমগ্ৰ দেশ কঁপাই যোৱা অভিজিৎ আৰু নীলোৎপলৰ হত্যাকাণ্ডৰ এবছৰ হল । কিন্তু এবছৰ অতিক্ৰম কৰাৰ পাছতো শাস্তি নাপালে দোষীয়ে । আজিও ৰাজ্যবাসীৰ কাণত বাজি উঠে সেই মৰ্মান্তিক চিঞৰ।

নগাঁও কোৰ্টত অভিজিৎ আৰু নীলোৎপলৰ হত্যাকাণ্ডৰ গোচৰ চলি আছে । আজি এবছৰে অভিজিৎ আৰু নীলোৎপলৰ পিতৃ -মাতৃয়ে এবুকু দুখ লৈ দিন পাৰ কৰিছে । তেওঁলোকে আশা কৰিছে যে তেওঁলোকৰ পুত্ৰক হত্যা কৰা মূল দোষীয়ে যাতে শাস্তি পাই ।

আজিও গা শিয়ৰি উঠা সেই হত্যাকাণ্ড সকলোৰে মনত সজীৱ হৈ আছে। নীল-অভি স্মৃতি ৰক্ষা কমিটিয়ে আজি শিলপুখুৰী ৰাজাহুৱা নামঘৰত এক অনুষ্ঠানৰ আয়োজন কৰিছে ।

২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলংৰ দকমকাত প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ গৈছিল অভিজিৎ আৰু নীলোৎপলে। সমগ্ৰ বিশ্ব পৰিভ্ৰমণ কৰা নীল-অভিক নিজৰ মাতৃভূমিতে এচাম নৰ পিশাচে অতি নিৰ্মম ভাৱে হত্যা কৰে। সোপাধৰা বুলি ভূৱা বাতৰিয়ে অঞ্চলতো গ্ৰাস কৰাৰ বাবে অভি-নীলক অতি নিৰ্মম ভাৱে হত্যা কৰে এচাম নৰ পিশাচে।এই বাতৰিয়ে সমগ্ৰ দেশৰ লগতে বিশ্বকো জোকাৰি গৈছিল ।

এই কাণ্ডৰ লগত জৰিত বহুতকে আটক কৰা হৈছে যদিও আজিও শাস্তি নহল ডকমকাৰ নৰ পিশাচ দলটোৰ । আনহাতে জামিনৰ বাবে চেষ্টা চলাই আছে নৰ পিশাচৰ দলটোৱে ।২০১৮ চনৰ আজিৰ দিনটোতে এদল পশুৰ জিঘাংসাৰ বলি হৈছিল দুৰ্ভগীয়া নীল আৰু অভি। অশ্ৰুসিক্ত নয়নেৰে এবছৰে পুত্ৰ হত্যাৰ ন্যায়ৰ অপেক্ষাত নীল অভিৰ পিতৃ মাতৃ। ন্যায়ালয়ত অব্যাহত আছে অভিযুক্তৰ জামিনৰ শুনানি। তাৰ বিপৰীতে পুত্ৰ শোকত ম্ৰিয়মান পিতৃ মাতৃৰ কাতৰ আহ্বান হত্যাকাৰীক দিয়ক কঠোৰতম শাস্তি। নীল অভিৰ হতভগীয়া পিতৃ মাতৃৰ লগতে ৰাজ্যবাসী তথা সমগ্ৰ দেশবাসীয়ে বিচাৰিছে এই বৰ্বৰ হত্যালীলাৰ সুবিচাৰ। কাংথিলাংছ'৸ৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা দুই প্ৰতিভাসম্পন্ন যুৱকক বৰ্বৰভাৱে হত্যা কৰা হত্যাকাৰীৰ কঠোৰ শাস্তি বিচাৰিছে ৰাজ্যবাসীয়ে|

অভিজিৎ আৰু নীলোৎপল ঘৰ গুৱাহাটীৰ আছিল । ছুটিত ঘৰলৈ আহিছিল দুয়োজন যুৱক । প্ৰকৃতিক ভাল পোৱা যুৱক দুজনে প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ কাৰ্বি আংলংলৈ লৈছিল । তেওঁলোকৰ যেন প্ৰকৃতিক ভাল পোৱাতোয়ে কাল হল । কাৰ্বি আংলং জিলা ডকমকাৰ কাংথিলাংছ'দ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ যাওঁতে সন্ধিয়া হৈছিল । সেই কাল সন্ধিয়ায়ে নৰ পিশাচৰ বলি হল অভি-নীল।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com