বৃদ্ধি পাইছে পিয়াঁজৰ মূল্যঃ অজ্ঞতা বিভাগীয় কৰ্তৃপক্ষৰ

বৃদ্ধি পাইছে পিয়াঁজৰ মূল্যঃ অজ্ঞতা বিভাগীয় কৰ্তৃপক্ষৰ

পিয়াঁজৰ মূল্য বৃদ্ধিয়ে চিন্তিত কৰিছে সৰ্ব সাধাৰণ লোকসকলক ৷ এসপ্তাহ আগেয়ে এক কেজিত ১৮ -২০ টকাকৈ বিক্ৰী হোৱা পিয়াঁজৰ মূল্য সম্প্ৰতি হৈছেগৈ ২৫ টকা ৷ গতিকে পিয়াঁজৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে চিন্তিত কৰিছে গৃহীনীসকলক ৷ ইফালে আজি ৰাজ্যজুৰি পালন কৰা হৈছৈ ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ৷

ইয়াৰ মাজতে পিয়াঁজৰ মূল্য বৃদ্ধি আশংকা কৰিছে লোকসকলে ৷ কিন্তু পিয়াঁজৰ মূল্য বৃদ্ধিৰ এই প্ৰসংগত বিভাগীয় কৰ্তৃপক্ষৰ কোনো প্ৰতিক্ৰিয়া দেখা নাই ৷ অন্যহাতে,খাদ্য বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে মংগলবাৰে বিভাগীয় কৰ্তৃপক্ষৰ লগত এখন বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত হঠাৎতে হোৱা পিয়াঁজৰ মূল্য বৃদ্ধিৰ প্ৰসংগৰ কথা আলোচনা হয় ৷

কিন্তু, বিভাগীয় কৰ্তৃপক্ষসকলৰ এই বিষয়টোত প্ৰকাশ কৰা অজ্ঞতাই মন্ত্ৰী ফণীভূষণ চৌধুৰীক হতবাক কৰি তোলে ৷ মন কৰিব লগীয়া কথা এয়ে যে মংগলবাৰে এখন আগশাৰী সংবাদ পত্ৰত বিভাগীয় কৰ্তৃপক্ষই পিয়াঁজৰ প্ৰতি কিলোত ১৮-২০ টকা হোৱাৰ সম্পৰ্কে এটা বিজ্ঞাপন প্ৰকাশ কৰিছিল ৷ অন্যহাতে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে বিভাগীয় কৰ্তৃপক্ষক পিয়াঁজৰ মূল্য বৃদ্ধি প্ৰসংগত এক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ কোৱাৰ লগতে,বুধবাৰ অৰ্থাৎ আজিৰ ভিতৰত পিয়াঁজৰ মূল্য হ্ৰাস কৰিবলৈ নিৰ্দেশ দিয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com