Begin typing your search above and press return to search.

এম জি এনৰেগাঃ অসমৰ ছখন জিলাত কেৱল ২,৮৫০ জনে লাভ কৰিছে সুবিধা

এম জি এনৰেগাঃ অসমৰ ছখন জিলাত কেৱল ২,৮৫০ জনে লাভ কৰিছে সুবিধা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Oct 2019 8:47 AM GMT

অসমৰ ছখন জিলাত কেৱল ২,৮৫০ জনে লাভ কৰিছে এম জি এনৰেগাৰ সুবিধা । বিত্তীয় বৰ্ষ(২০১৯-২০) অন্ত পৰিবলৈ মাজত মাথো পাঁচ মাহবাকী ৷এই সময়তে কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত ৰূপায়িত হৈ থকা মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লইমেন্ট গেৰান্টি স্কীমৰ (এম জি এনৰেগা)ৰ অধীনত নিয়োগ সৃষ্টিৰ অভিযান অত্যন্ত তথৈবছ হৈ পৰিছে। গ্ৰামীণ বিকাশ মন্ত্ৰ্যালয়ৰ এক বিশেষ তথ্য অনুসৰি অসমৰ গাঁৱ অঞ্চলত কেৱল ২৮৫০ টা পৰিয়ালকহে ১০০ দিনৰ কাম দিবলৈ বিভাগটো সক্ষম হৈছে ৷

ইয়াৰ ভিতৰত ১০০৪ টা পৰিয়ালৰ ঘৰ লক্ষীমপুৰত ।নলবাৰী জিলাত ৬৫৪ টা পৰিয়ালেৰে দ্বিতীয় স্থানত আছে। ইফালে এম জি এনৰেগা আঁচনিত নিৰাশাজনক ফলাফল দেখুওৱা জিলা সমূহ হৈছে যোৰহাট,চৰাইদেও আৰু ডিমা হাচাও,শিৱসাগৰ আৰু নগাঁৱ,কামৰূপ,দক্ষিণ শালমৰা,মানকাছাৰ, গোৱালপাৰা আৰু হাইলাকান্দি আদি। বিগত তিনিটা বিত্তীয় বৰ্ষৰ তুলনাত এই সংখ্যা অত্যন্ত নিৰাশা জনক ।এমজিএনৰেগা আঁচনিৰ আধাৰত ২০১৮-১৯ বৰ্ষত ১৮৪১৭ টা পৰিয়াল লাভাম্বিত হৈছে।

২০১৭-১৮ বৰ্ষত ১০,৯২৭ পৰিয়ালে ১০০ দিনৰ কাম লাভ কৰে। ইয়াৰ বিপৰীতে ২০১৬-১৭ বৰ্ষত ১১৪১১ টা পৰিয়াল লাভালাভ হয়। এমজিএনৰেগা গ্ৰামীন বিকাশ মন্ত্ৰ্যালয়ৰ এক বিশেষ ব্যৱস্থা ৷এই ব্যৱস্থা গাঁও পঞ্চায়ত সমূহত দেখা যায়। এই আঁচনিখন গ্ৰামাঞ্চলৰ কৰ্ম সংস্থাপনহীন লোকক কামত নিয়োজিত কৰাৰ উদ্দেশ্যৰে গ্ৰহণ কৰা এক আঁচনি হৈছে এমজিএনৰেগা ৷ইফালে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এশ দিনৰ কামৰ নিশ্চিতি দি জীৱিকাৰ সন্ধান দিবলৈ ৫০.৬৯ লাখ পৰিয়ালৰ মাজত জবকাৰ্ড বিতৰণ কৰিছিল। কিন্তু আঁচনিখন অযোগ্য বুলি কোৱাৰ পিছতে ২৪,৬৪১ খন জবকাৰ্ড কৰ্তন হয়।

২০১৯ বৰ্ষত এমজিএনৰেগা অধীনত কাম কৰিবলৈ বিচাৰিছিল মুঠ ১৫,১১,০০৯ টা পৰিয়ালে ।ইয়াৰ ভিতৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ১৩,৪৮,৩২৮ টা পৰিয়ালক কাম দিবলৈ সন্মত হয় যদিও এম জিএনৰেগাৰ অধীনত মাত্ৰ ২৮৫০ টা পৰিয়ালকহে এশ দিনৰ কাম দিবলৈ সক্ষম হোৱা কথা টোৱে আঁচনিখনৰ সফলতাৰ বিষয়ে উদঙাই দিয়ে। এই আইন খন ১৯৯১ চনত পিভি নৰসিম্হা ৰাওে উত্থাপন কৰিছিল। ইয়াৰ পিছত সংসদত উত্থাপন কৰাৰ পিছত ভাৰতৰ ৬২৫ খন জিলাত ইয়াক মুকলি কৰা হ’ল। ইয়াৰ পিছত ২০১৮ বৰ্ষৰ ১ এপ্ৰিলত এই আইনখন ভাৰতৰ সকলো জিলাত মুকলি কৰিবলৈ লোৱা হ’ল ।প্ৰথমতে এই আঁচনিৰ নাম আছিলএনৰেগা ৷ইয়াৰ পিছত এই আঁচনিৰ নাম দিয়া হয় এমজিএনৰেগা ।

অন্য খবৰৰ বাবে পঢ়ক : সমগ্ৰ অসমতে এমজিএনৰেগা আচনিৰ অধিনত ৪১,০০০ পৰিয়ালে চাকৰি লাভ কৰিছে

ভিডিঅ প্ৰতক্ষ্য কৰক:Watch | Ambulance Driver-turned- Artist from Guwahati

Next Story
চাকৰি