Begin typing your search above and press return to search.

ভিভিপেটৰ সংখ্যা বৃদ্ধি কৰিবলৈ নিৰ্বাচনী আয়োগক আহ্বান বিৰোধী দলৰ

ভিভিপেটৰ সংখ্যা বৃদ্ধি কৰিবলৈ নিৰ্বাচনী আয়োগক আহ্বান বিৰোধী দলৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 May 2019 9:56 AM GMT

মংগলবাৰে বিৰোধী দলে নিৰ্বাচনী আয়োগক ৫০ শতাংশ ভিভিপেট বৃদ্ধি কৰিবলৈ দাবী জনাই । কংগ্ৰেছৰ নেতা অভিষেক মানু সিঙবি, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডো জম্বু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুলাহ, চিপিআইৰ নেতা ডি ৰাজা আৰু এন চি পিৰ নেতা মজিদ মেমনে আবেদন কৰিছিল ।

নিৰ্বাচনী আয়োগৰ লগত হোৱা বৈঠকৰ পাছত সিঙবিয়ে প্ৰকাশ কৰে যে সৰ্বোচ্চ ন্যায়ালয়ে প্ৰকাশ কৰিছিল যে নিৰ্বাচনী আয়োগে ভিভিপেট বৃদ্ধি কৰিব নোৱাৰে ।

ভিভিপেট বৃদ্ধি কৰিবলৈ কৰা আবেদন এপেক্স কোৰ্টে খাৰিজ কৰে বুলি প্ৰকাশ কৰে সিঙবিয়ে । পূৰ্বতে ভিভিপেটৰ সন্দৰ্ভত বিৰোধীয়ে দাখিল কৰা আবেদন খন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে ।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডোয়ে প্ৰকাশ কৰে যে আবেদন খনৰ মুল লক্ষ্য হৈছে গনতান্ত্ৰীৰ স্বচ্ছতা বজাই ৰখা । লগতে কয় যে আমি দেশৰ বাবে যুঁজ অব্যাহত ৰাখিম । চন্দ্ৰবাবু নাইডোয়ে প্ৰকাশ কৰে যে বিৰোধীয়ে পুনৰ নিৰ্বাচনী আয়োগক আবেদন কৰিব ।

কোৰ্টে শুকুৰবাৰে ২১ বিৰোধী দলে ৫০ শতাংশ ই ভি এমৰ ভিভিপেট ৰচিদ পুনৰীক্ষণৰ বাবে কৰা আবেদন শুনানিৰ বাবে সন্মতি প্ৰকাশ কৰিছিল । পিছত এই আবেদন খন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে।

মংগলবাৰে কোৰ্টে দিয়া ৰায় প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জম্বু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুলাহে প্ৰকাশ কৰে যে নিৰ্বাচন সকলো দলৰ বাবে সমান হব লাগে আৰু ই ভি এম বিষয়টো সাধাৰণ লোকেও উত্থাপন কৰিব । " আমি কোৰ্টৰ ৰায়ক সন্মান কৰো । কিন্তু আমি দেশৰ জনসাধাৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছো আৰু উচ্চতম ন্যায়ালয়ৰ সন্মুখত উত্থাপন কৰিছো কাৰন ন্যায়ালয় দেশৰ সৰ্বোচ্চ" বুলিও প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি