Begin typing your search above and press return to search.

৩,২৭৬.৮০ টকা উৎকুচ দি সীমান্ত পাৰ হৈ অহা বাংলাদেশীক আটক

৩,২৭৬.৮০ টকা উৎকুচ দি সীমান্ত পাৰ হৈ অহা বাংলাদেশীক আটক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Jun 2019 11:41 AM GMT

অসমৰ ধুবুৰী জিলাত এজন অবৈধ বাংলাদেশীক আটক কৰা হৈছে । এজন ২৭ বছৰীয়া বাংলাদেশীক অবৈধ ভাৱে সীমা পাৰ হৈ ভাৰতত বসবাস কৰাৰ বাবে আটক কৰা হৈছে। ২৭ বছৰীয়া বাংলাদেশী জনে প্ৰকাশ কৰে যে, তেওঁ ৪,০০০ টাকা অৰ্থাৎ ৩,২৭৬.৮০ টকা উৎকুচৰ বিনিময়ত বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ দিছিল ।

২৭ বছৰীয়া আইনুল হক নামৰ ব্যক্তিজনক আটক কৰা হৈছে। বুধবাৰে ধুবুৰীৰ ছাগলীয়াৰ পৰা আইনুল হক নামৰ ব্যক্তিজনক সন্দেহত আটক কৰিছে ।

অসম আৰক্ষীৰ বিধান বসুমতাৰীয়ে প্ৰকাশ কৰে যে, ব্যক্তি জন বাংলাদেশৰ থাকুৰগাওঁ জিলাৰ পিৰগঞ্জ আৰক্ষীৰ চকীৰ সুন্দৰীয়া গাঁওৰ বাসিন্দা। তেওঁৰ পিতৃৰ নাম মহম্মদ শ্বাৰিফউদ্দিন শ্বেইখ বুলি বসুমতাৰীয়ে প্ৰকাশ কৰে।

আইনুল হকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, ওচৰ চুবুৰীয়া দেশৰ পৰা অবৈধ ভাৱে ভাৰতত প্ৰৱেশ কৰা আৰু ভাৰতত বসবাস কৰা কিমান সহজ সেই সম্পৰ্কে কয়।

আইনুল হকে প্ৰকাশ কৰে যে, তেওঁ আৰু তেওঁৰ লগত আন ১০- ১১ জন ২০১৩ চনৰ মাৰ্চত ভাৰতত প্ৰৱেশ কৰিছিল । ২০১৩ চনৰ মাৰ্চত পশ্চিম বংগৰ মালদা জিলাৰ পৰা বাংলাদেশী টকা ৪,২০০ টকা বাংলাদেশী সীমান্ত গাৰ্ডক দি ভাৰতত প্ৰৱেশ কৰিছিল ।

আইনুল হকৰ মতে , ভাৰতলৈ প্ৰৱেশ কৰাৰ পাছত তেওঁ আজাদ আলিৰ সহায়ত পশ্চিম বংগৰ উত্তৰ দিনাজপুৰ জিলাৰ বাসিন্দা বুলি আধাৰ কাৰ্ড বনোৱাইছিল । আজাদ আলিয়ে নিজৰ পিতৃক আইনুল হকৰ পিতৃ বুলি তথ্য জমা দিছিল ।

" পশ্চিম বংগৰ পৰা দিল্লীলৈ গৈছিলো ,তাৰ পাছত হাৰিয়ানা আৰু ৰাজস্থানতো শ্ৰমিক হিচাপে কৰ্মৰত আছিলো । ফোনৰ জৰিয়তে অসমৰ বঙাইগাঁও জিলাৰ যুৱতি এগৰাকীৰ সৈতে সম্পৰ্ক গঢ়ি উঠাৰ পাছত বিয়া কৰাইছিলো । আমাৰ লৰা ছোৱালীও আছে " ।বুলি বুধবাৰে আটক হোৱাৰ পাছত আইনুল হকে প্ৰকাশ কৰে ।

আৰক্ষীয়ে প্ৰকাশ কৰিছে যে , বাংলাদেশী নাগৰিক জনৰ পৰা স্থায়ী পান নম্বৰ থকাৰ লগতে অসমৰ বঙাইগাঁও জিলাৰ বিজনীৰ চাৰিফা বেগম নামৰ এগৰাকী যুৱতীক বিয়া কৰাইছে । বিয়া কৰোৱাৰ পাছত আইনুল হকে পৰিয়ালৰ সৈতে অসমত বসবাস কৰিবলৈ লয় আৰু তেওঁলোকৰ ২ বছৰীয়া এটি পুত্ৰ সন্তান আছে ।

" বিগত বছৰ কেইটাত , মই প্ৰায় ৭.২ লাখ টকা অনলাইন যোগে বাংলাদেশত থকা পিতৃলৈ পঠিয়াইছিলো । মই ধুবুৰী জিলাৰ ছাগলীয়ালৈ আহিছিলো বুলি প্ৰকাশ কৰে আইনুল হকে ।

বুধবাৰে আইনুল হকক কোৰ্টত হাজিৰ কৰোৱা হয় আৰু তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

আৰক্ষীয়ে প্ৰকাশ কৰে যে, তেওঁ আইনুল হকৰ পিতৃৰ সৈতে ফোন যোগে কথা পাতিছিল । পিতৃয়ে কয় যে, তেওঁৰ পুত্ৰয়ে বহু বছৰৰ আগতে ঘৰ এৰি গৈছিল "। বুলি প্ৰকাশ কৰে আৰক্ষীয়ে।

অন্য খবৰৰ বাবে পঢ়ক:২০ গৰাকী অবৈধ বাংলাদেশীক প্ৰত্যাবৰ্তন বাংলাদেশক: ৬ জন হিন্দু

Next Story
চাকৰি