"পাকিস্তানে অনুপ্ৰবেশৰ চেষ্টা কৰিবলৈ সাহস নকৰে " :মুখ্য সেনাধক্ষ্য বিপিন ৰাৱাট

"পাকিস্তানে অনুপ্ৰবেশৰ চেষ্টা কৰিবলৈ সাহস নকৰে " :মুখ্য সেনাধক্ষ্য বিপিন ৰাৱাট

Published on

আজি কাৰ্গিল যুদ্ধৰ ২০ বছৰ সম্পূৰ্ণ হল । বিজয় যাত্ৰাৰ ২০ বছৰত ভাৰতৰ মুখ্য সেনাধক্ষ্য বিপিন ৰাৱাটে পাকিস্তানে দ্বিতীয়বাৰ অনুপ্ৰবেশৰ সাহস নকৰে বুলি প্ৰকাশ কৰে।

১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ স্মৃতি দুয়োখন দেশৰে সজীৱ হৈ আছে । পাকিস্তানে অনুপ্ৰবেশৰ চেষ্টা কৰিছিল ভাৰতত। সেনাৰ মুখ্য সেনাধক্ষ্য বিপিন ৰাৱাটে কয় যে, ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানক দ্বিতীয় বাৰ ভাৰতত প্ৰবেশ কৰিবলৈ সাহস নকৰে । সীমান্তত নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে বুলি প্ৰকাশ কৰে ।

জেনেৰেল ৰাৱাটে প্ৰকাশ কৰে যে, " নিৰাপত্তা ৰক্ষীৰ অধিনত নথকা এটা অঞ্চলো নাই সীমান্তত । সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনী থকাৰ লগতে , প্ৰত্যেক দিনাই পৰহা দিয়া হয়।"

বিজয় অনুষ্ঠানত সাংবাদিকে প্ৰশ্ন কৰিছিল যে, পুনৰ কাৰ্গিল যুদ্ধৰ হোৱাৰ সম্ভাৱনা আছে নেকি? এই প্ৰশ্নত বিপিন ৰাৱাটে কয় যে, " পাকিস্তানে পুনৰ আক্ৰমণ কৰিবলৈ সাহস নকৰে কাৰন তেওঁলোকে কাৰ্গিল যুদ্ধৰ পৰিনতি দেখিছিল ।

২০ সংখ্যক কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে মুকলি কৰিছে এটি ভিডিঅ'।দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে নিৰ্মাণ কৰা ভিডিঅ'টোৰ নিৰ্দেশনা কৰিছে অসম সন্তান জুৱানা জৈন আৰু অসমৰ জোঁৱাই অজয় জৈনে। ভিডিঅ'টোত বলীউডৰ শিল্পীসকলৰ সৈতে দেখা পোৱা গৈছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ, যতীন বৰাক।কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি নিৰ্মাণ কৰা দেশপ্ৰেমমূলক গীতটোত অনিভয় কৰিছে অমিতাভ বচ্চন, চলমান খান, চনু সূদ, অজুৰ্ণ ৰামপাল, সুনীল ছেত্ৰী, বিকি কৌচাল, কংগনা ৰানাৱতকে ধৰি বহুকেইজন বলীউডৰ তাৰকা শিল্পীয়ে।

মই নিশ্চিত ভাৱে কব পাৰো, অনাগত দিন আৰু বছৰত পাকিস্তানে অনুপ্ৰবেশৰ চেষ্টা কৰিবলৈ সাহস নকৰে ।" সেনাৰ মুখ্য সেনাধক্ষ্য বিপিন ৰাৱাটে লগতে কয় যে, " আজি আমি কাৰ্গিল যুদ্ধৰ ২০ বছৰ আৰু বিজয় যাত্ৰা উৎযাপন কৰিছো । "

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com