Begin typing your search above and press return to search.

উইং কামাণ্ডাৰ অভিনন্দন বাৰ্থমানক উপহাস কৰি বিজ্ঞাপন পাকিস্তানৰ

উইং কামাণ্ডাৰ অভিনন্দন বাৰ্থমানক উপহাস কৰি বিজ্ঞাপন পাকিস্তানৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jun 2019 12:35 PM GMT

পাকিস্তানী মেডিয়ায়ে অতি স্পৰ্শকাতৰ বিষয়ক উপহাৰ কৰা পৰিলক্ষিত হৈছে । ভাৰতৰ উইং কামাণ্ডাৰ অভিনন্দন বাৰ্থমানক বিজ্ঞাপনৰ চৰিত্ৰত ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে । বিশ্বকাপ ক্ৰিকেটৰ বাবে এই বিজ্ঞাপন বনাইছে। ১৬ জুনত ভাৰত আৰু পাকিস্তানৰ মাজত খেল অনুষ্ঠিত হব । এই খেল খন উপভোগ কৰিবলৈ ভাৰত বাসীয়ে যিমান আগ্ৰহৰে অপেক্ষা কৰি আছে , সমান্তৰালকৈ পাকিস্তানেও অধিক আগ্ৰহে অপেক্ষা কৰি আছে । পাকিস্তানৰ ক্ৰিকেট টিমক উৎসাহিত কৰিবলৈ এই বিজ্ঞাপনটো বনোৱা হৈছে ।

বিজ্ঞাপনটোত উইং কামাণ্ডাৰ অভিনন্দন বাৰ্থমানৰ দৰে এটা চৰিত্ৰ ৰূপায়ণ কৰা হৈছে । বিজ্ঞাপনটোত ভাৰতৰ খেলৰ সন্দৰ্ভত প্ৰশ্ন কৰা পৰিলক্ষিত হৈছে । চৰিত্ৰটোত অভিনন্দন বাৰ্থমানৰ দৰেই "মুছ" পৰিলক্ষিত হৈছে । অভিনন্দন বাৰ্থমানৰ দৰেই এই বিজ্ঞাপনটো একেটা কথাকে কোৱা হৈছে," মোক ক্ষমা কৰিব । মই এই সম্পৰ্কে একো কব নোৱাৰিম ।" ( I am sorry, I am not supposed to tell you this." ) বুলি প্ৰকাশ কৰা পৰিলক্ষিত হয় ।

এই বিজ্ঞাপনটো Pakistan's Jazz টিভি শ্বোত প্ৰকাশ কৰিছিল । বিজ্ঞাপনটোত মডেল গৰাকীয়ে নীলা জাৰ্চি পৰিধান কৰা পৰিলক্ষিত হৈছে । ভাৰতীয় ক্ৰিকেট টিমৰ জাৰ্চি সদৃশ পোচাক পৰিধান কৰিছে। ভাৰতৰ উইং কামাণ্ডাৰ অভিনন্দন বাৰ্থমানক সোধ-পোছৰ সময়ত যিদৰে হাতত চাহৰ কাপ লৈ থকা এটা ভিডিঅ পাকিস্তানে প্ৰকাশ কৰিছিল । তেনেদৰেই এই বিজ্ঞাপনটোত মেডেল গৰাকীয়ে নীলা জাৰ্চী পৰিধান কৰি হাতত চাহৰ কাপ লৈ থকা পৰিলক্ষিত হৈছে । কাপটোত বিশ্ব কাপৰ চিম্বল প্ৰকাশ পাইছে ।

এই বিজ্ঞাপনটোৱে এতিয়া সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিছে ।

ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানে পাকিস্তানৰ যুঁজাৰু বিমান F-16 বিমান খন ভূপতিত কৰিবলৈ গৈ ভাৰতৰ মিগ-21 বিমান খন দুৰ্ঘটনাৰ পতিত হৈ বিমান খনৰ ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামান পাকিস্তানৰ ভূমিত পেৰাচ্যুতেৰে অবতৰণ কৰিছিল । তাৰ পাছৰে পৰা ওইং কামাণ্ডাৰ গৰাকী পাকিস্তানৰ জিম্মাত আছিল । পাকিস্তানৰ বায়ুসেনাক ৰুধিবলৈ গৈ ভাৰতৰ এখন বিমান ভূপতিত হৈছিল ।বীৰ জোৱান জনৰ চৰ্চা সমগ্ৰ বিশ্বতে হোৱা পৰিলক্ষিত হৈছিল ।পুলোৱামাত পাকিস্তানী সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ পাছৰে পৰা ভাৰত পাকিস্তান সম্পৰ্ক অধিক অবনতি ঘটিছিল । তাৰ পিছত পুনৰ এই বিজ্ঞাপনে পুনৰ দুয়োখন দেশৰ মাজত পুনৰ চৰ্চা লাভ কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি