Begin typing your search above and press return to search.

পৰবৰ্তী আৰক্ষীৰ সঞ্চালক প্ৰধান নিৰ্বাচনৰ বাবে পেনেল ইউপিএচচিলৈ প্ৰেৰণ

পৰবৰ্তী আৰক্ষীৰ সঞ্চালক প্ৰধান নিৰ্বাচনৰ বাবে পেনেল ইউপিএচচিলৈ প্ৰেৰণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 July 2019 8:57 AM GMT

পৰবৰ্তী আৰক্ষী সঞ্চালক প্ৰধান নিৰ্বাচনৰ বাবে পেনেল ইউপিএচচিলৈ প্ৰেৰণ কৰা হৈছে । বৰ্তমান অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়া । কুলধৰ শইকীয়াৰ ৩১ আগষ্টত কাৰ্যকাল অন্ত পৰিব । ১৯৮৫ চনৰ অসম-মেঘালয়ৰ শাখাৰ আছিল কুলধৰ শইকীয়া ।

সূত্ৰয়ে প্ৰকাশ কৰা মতে, ৰাজ্যিক গৃহ আৰু ৰাজনৈতিক বিভাগে অসম-মেঘালয় কেডাৰ ১০ জন শীৰ্ষ ৰাজ্যিক আৰক্ষীৰ বিষয়াৰ এক পেনেল প্ৰস্তুত কৰিছে ।

এই তালিকা খন ইতিমধ্যে কেন্দ্ৰীয় লোকসেৱা আয়োগলৈ প্ৰেৰণ কৰা হৈছে । কেন্দ্ৰীয় লোকসেৱা আয়োগে ইয়াৰে তিনি জনক তালিকা ( shortlist) অসম চৰকাৰলৈ প্ৰেৰণ কৰিলে ।

বৰ্তমান ৰাজ্যিক আৰক্ষীৰ ৫ জন শীৰ্ষ বিষয়া হৈছে ভাৰত চৰকাৰৰ ইন্টাৰনেটৰ বিৰ'ৰ অধক্ষ্য আইপিএচ অৰবিন্দ কুমাৰ, অসম আৰক্ষীৰ হাউচিং ক'ৰপৰাচন লিমিটেডৰ চি এম ডি আইপিএচ অনিল কুমাৰ ঝা, এচ এচ বিৰ ডেপুটেচন আই পি এচ জ্যোতিময় চক্ৰবৰ্ত্তী, আই পি এচ এ কে সিনহা কাশ্যাপ, আই পি এচ ভাস্কৰ জ্যোতি মহন্ত , অৰবিন্দ কুমাৰ।

অধিক খবৰৰ বাবে পঢ়ক: তদন্তত কোনোধৰনৰ বৈষম্য নাথাকিব : আৰক্ষী সঞ্চালক প্ৰধান

Next Story
চাকৰি