Begin typing your search above and press return to search.

১৪ এপ্ৰিলৰ পাছত সীমিত হ’ব তলাবন্ধঃ প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা

১৪ এপ্ৰিলৰ পাছত সীমিত হ’ব তলাবন্ধঃ প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 April 2020 8:54 AM GMT

১৪ এপ্ৰিলৰ পাছত সীমিত হ’ব তলাবন্ধঃ প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা

দেশৰ ক’ৰ’না ভাইৰাছবিৰোধী যুঁজখনৰ মূল অংশৰূপে ঘোষণা কৰা তলাবন্ধ অহা ১৪এপ্ৰিলত অন্ত পৰিব। তাৰ পাছত এই তলাবন্ধ সীমিত পৰিসৰত পালন কৰা হ’ব। অৰ্থাৎ অহা ১৪ এপ্ৰিলৰ পাছত কেতবোৰ ক্ষেত্ৰত তলাবন্ধ প্ৰযোজ্য নোহোৱাৰ সম্ভাৱনা আছে। বৃহস্পতিবাৰে সন্ধিয়া ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্যমন্ত্ৰীবৰ্গৰ সৈতে হোৱা এক ভিডিঅ’ কনফাৰেন্সিং মত-বিনিময়ত এই কথা ব্যক্ত কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে অহা ১৪ এপ্ৰিলৰ পাছতো দেশবাসীৰ জীৱনযাত্ৰা পূ্ৰ্বৰ লেখীয়াকৈ স্বাভাৱিক নহ’ব। ঘৰৰ বাহিৰলৈ পূৰ্বৰ সকলো লোক ওলোৱাত বাধা-নিষেধ থাকিব। মাথোঁ একাংশ সেৱাৰ সৈতে জড়িত ব্যক্তিয়েহে উলাব পাৰিব বুলি প্ৰধানমন্ত্ৰীয়ে ইংগিত দিয়ে। উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰাৰ আগে আগে একাংশ উদ্যোগ-প্ৰতিষ্ঠানে তলাবন্ধৰ ফলত ব্যাপক লোকচান ভৰাৰ অজুহাত প্ৰদৰ্শন কৰি কাম আৰম্ভ কৰাৰ অনুমতি দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। তাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। সম্প্ৰতি প্ৰধানমন্ত্ৰীৰ এই ঘোষণাক লৈ কেতবোৰ পক্ষই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কাৰণ দেশত ক’ৰ’না মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পায় আছে। নগালেণ্ড, ত্ৰিপুৰা, ছিকিম আৰু মেঘালয়কে ধৰি মাথোঁ কেইখনমান ৰাজ্যক বাদ দি সকলো ৰাজ্যতে এই মহামাৰীত আক্ৰান্ত লোক আছে। অসমতো কমেও ১৬জন ক’ৰ’না মহামাৰী আক্ৰান্ত চিনাক্ত কৰা হৈছে। ইপিনে, দেশত এই মহামাৰীত মৃত্যু হোৱা লোকৰ সংখ্যাই অৰ্ধ-শতকৰ ঘৰত ভৰি দিছে। একেদৰে সহস্ৰাধিক লোক আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে। আনহাতে, নিজামুদ্দিন দৰগাহত যোৱা মাহত আয়োজিত তবলীগী জামাতত অংশগ্ৰহণ কৰাসকলেই সমগ্ৰ দেশৰ চুকে-কোণে ক’ৰ’না মহামাৰী বিয়পোৱাৰ অভিযোগ উত্থাপিত হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : অসমত ক’ৰ’না মহামাৰীত আক্ৰান্তৰ সংখ্যা নজনলৈ বৃদ্ধি

ভিডিঅ প্ৰতক্ষ্য কৰক: COVID-19 prevention: Kamrup(M) district administration selling vegetables

Next Story
চাকৰি